TAVR পদ্ধতিৰে হৃদযন্ত্ৰৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন : কি এই TAVR পদ্ধতি ? How are complicated heart surgeries possible with the TAVR procedure?

0
336
গুৱাহাটীস্থিত এপ’ল’ হাস্পতালত যোৱা ১ ছেপ্টেম্বৰত অসমৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ অবিহনে ট্ৰেন্সকেথেটাৰ এ'ৰ্টিক ভাল্‌ভ ৰিপ্লেচমেণ্ট(Transcatheter Aortic Valve Replacement) প্ৰক্ৰিয়া চমুকৈ TAVR সফলতাৰে সম্পন্ন হৈ যায়৷ আচলতে TAVR প্ৰক্ৰিয়াৰ জৰিয়তে মুক্ত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ বাবে অনুপযুক্ত বা উচ্চ বিপদাসম্পন্ন ৰোগীৰ ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে চিকিৎসা কৰা হয়৷

এপ'ল'হাস্পতালত ৭৩ বছৰীয়া এগৰাকী অতি সংকটজনক মহিলা ৰোগীৰ ক্ষেত্ৰত এই অত্যাধুনিক চিকিৎসা পদ্ধতি সফলতাৰে প্ৰয়োগ কৰা হয়৷ উশাহ-নিশাহত অসুবিধা পোৱা, বুকুৰ বিষ তথা অৱসাদগ্ৰস্ত ৰোগীগৰাকীক এ'পল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য’ত তেওঁ মহাধমনী ভাল্‌ভৰ গুৰুতৰ কেলচিফিক ষ্টেনোছিছৰ সংকটজনক অৱস্থাত আক্ৰান্ত বুলি ধৰা পৰিছিল৷ এনে সংকটজনক অৱস্থাত একমাত্ৰ বিকল্পটো আছিল তাৎক্ষণিকভাৱে এটা ভাল্‌ভ প্ৰতিস্থাপন কৰা৷ বয়স তথা গুৰুতৰ স্বাস্থ্য সমস্যাৰ বাবে অ’পেন হাৰ্ট ভাল্‌ভ প্ৰতিস্থাপন অস্ত্ৰোপচাৰ ৰোগীগৰাকীৰ বাবে সম্ভৱ নাছিল৷ গতিকে তেওঁক এক উন্নত পাৰ্কিউটেনিয়াছ পদ্ধতি TAVR আগবঢ়োৱা হৈছিল৷ সুখৰ কথা যে ৰোগীগৰাকী কোনোধৰণৰ সংকট অবিহনে দ্ৰুত আৰোগ্য লাভ কৰিছিল আৰু কেইদিনমানৰ ভিতৰতে সু-স্বাস্থ্যকৰ অৱস্থাত তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছিল৷ অসমত এইটোৱেই এইপৰ্যন্ত প্ৰথমটো ঘটনা বা এনেধৰণৰ অতি জটিল হৃদযন্ত্ৰসম্বন্ধীয় প্ৰথমটো সফল চিকিৎসা ৷ এপ'ল’ হাস্পতালৰ কতৃৰ্পক্ষই জানিবলৈ দিয়ে যে এই Transcatheter Aortic Valve Replacement প্ৰক্ৰিয়া অৰ্থাৎ TAVR-এ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক বাহিৰলৈ নোযোৱাকৈ ইয়াতে এই অত্যাধুনিক প্ৰযুক্তিৰ চিকিৎসা সেৱা লাভ কৰাৰ বাট মুকলি কৰিলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here