জনসাধাৰণক সতৰ্ক হ’বলৈ আহ্বানকেন্দ্ৰৰ পুনৰ ক’ভিড নিৰ্দেশনা

0
107

চীনৰ লগতে সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন উচপৰ্যায়ৰ বৈঠকত পৰিস্থিতি পৰ্যালোচনা কৰে৷ দেশত কৰ’না নতুন ছাব-ভেৰিয়েণ্টৰ সংক্ৰমণ হোৱা চাৰিজন লোকক চিনাক্ত কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে দেশৰ পৰিস্থিতি পৰ্যালোচনা কৰে৷ উল্লেখ্য যে চীনত কভিডৰ নতুন ছাব-ভেৰিয়েণ্টে হাহাকাৰৰ সৃষ্টি কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ নতুন নিৰ্দেশনা জাৰি কৰিছে৷ নতুন নিৰ্দেশনাত আগন্তুক বৰদিন আৰু নৱবৰ্ষৰ দৰে উৎসৱৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে অধিক জনসমাগম হোৱাতো প্ৰতিৰোধ কৰা আৰু মাস্ক পিন্ধিবলৈ পৰামৰ্শ দিয়া হৈছে৷ চৰকাৰে ইতিমধ্যে বিদেশৰ পৰা অহা যাত্ৰীৰ ৰেণ্ডম কভিড পৰীক্ষা আৰম্ভ কৰিছে৷ ইয়াৰ লগতে অহা সাত দিনৰ ভিতৰত কোৱাৰেণ্টাইন আৰু পৰীক্ষাৰ বাবে আন্তঃগাঁথনি স্থাপন কৰা হ’ব বুলি সূত্ৰসমূহে প্ৰকাশ কৰে৷ উল্লেখ্য যে চীনত সংক্ৰমণ হোৱা বি এফ.৭ ছাব-ভেৰিয়েণ্টৰ চাৰিজন লোকক ভাৰতত চিনাক্ত কৰা হৈছিল৷ ইয়াৰে দুজন গুজৰাটৰ আৰু দুজন ওড়িষাৰ৷ আনহাতে বৰ্তমান ভাৰতত ক’ভিডৰ ১০টা ভেৰিয়েণ্ট পোৱা গৈছে৷ ইয়াৰ ভিতৰত শেহতীয়া ভেৰিয়েণ্টটো হ’ল বি এফ.৭৷ 
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াই সংসদত কয় যে কৰ’নাৰ নতুন ভেৰিয়েণ্টে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ তেওঁ লগতে কয় যে ক’ভিড এতিয়াও শেষ হৈ যোৱা নাই৷ মই সংশ্লিষ্ট সকলোকে সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছোঁ৷ আমি যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু আছোঁ৷ তেওঁ লগতে কয় যে আগন্তুক উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে মাস্ক পিন্ধিব লাগে৷ তেওঁ কয় যে সকলোৱে ক’ভিড নীতি-নিৰ্দেশ পালন কৰাৰ লগতে ভেকচিনৰ সতৰ্কতামূলক ড’জ লোৱাৰ প্ৰয়োজন৷ স্বাস্থ্য মন্ত্ৰীয়ে লগতে কয় যে ক’ভিডৰ সংক্ৰমণ হোৱা লোকৰ নমুনাৰ জিনম ছিকুৱেন্সিঙৰ পৰামৰ্শ দিয়া হৈছে৷  আনহাতে প্ৰধানমন্ত্ৰীয়ে ক’ভিড নীতি-নিয়মসমূহ কঠোৰভাৱে পালন কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে আগন্তুক উৎসৱৰ সময়ত জনসমাগমৰ পৰা হাত সাৰি থকাৰ বাবে জনসাধাৰণক আহ্বান জনাইছে৷ প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতি পৰ্যালোচনা কৰাৰ পাছত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে উক্ত নিৰ্দেশনাত জনসাধাৰণক ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ আৰু পৰাপক্ষত জনসমাগম পৰিহাৰ কৰি চলিবলৈ কোৱা হৈছে৷ ইয়াৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here