সুখবৰ ! কাজিৰঙাত বৃদ্ধি পাইছে গঁড়, বাঘ আৰু দল হৰিণাৰ সংখ্যা

0
504

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে গঁড,. বাঘ আৰু দল হৰিণাৰ সংখ্যা৷ বিগত চাৰিটা বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়ৰ সংখ্যা ২০০ টা বৃদ্ধি পাইছে৷ ২০১৮ চনত হোৱা পিয়লৰ সময়ত উদ্যানত গঁড়ৰ সংখ্যা আছিল ২৪১৩ টা৷ কিন্তু চলিত বৰ্ষৰ পিয়লত  ধৰা পৰা তথ্য অনুসৰি গঁড়ৰ সংখ্যা ২৬১৩ টালৈ বৃদ্ধি পায়৷ কেৱল গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাই নহয়, বাঘৰ সংখ্যাও বৃদ্ধি পাইছে৷ চলিত বৰ্ষৰ পিয়লত লাভ কৰা তথ্য অনুসৰি উদ্যানখনত থকা বাঘৰ সংখ্যা হ’ল ১২৪ টা৷ কিন্তু ২০১৮ চনৰ পিয়ল অনুসৰি বাঘৰ সংখ্যা আছিল ১০৮টা৷ অৰ্থাৎ চাৰি বছৰত বাঘৰ সংখ্যা ১৬ টা বৃদ্ধি পায়৷ পৰ্যটকৰ আকৰ্ষিত প্ৰাণী দল হৰিণাৰ সংখ্যাও ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি পাইছে৷ সম্প্ৰতি উদ্যাখনত ১১২৬ টা দল হৰিণা আছে৷
চলিত বৰ্ষৰ চলা পিয়লত এই তথ্য ধৰা পৰে৷ বিপৰীতে ২০১৮ চনত চলোৱা পিয়ল অনুসৰি দল হৰিণাৰ সংখ্যা আছিল ৯০৭টা৷ এই চাৰিটা বছৰত ২১৯ টা দল হৰিণাৰ সংখ্যা উদ্যানখনত বৃদ্ধি পায়৷ উল্লেখ্য যে গঁড়, বাঘ, দল হৰিণাৰ উপৰি অন্যান্য জীৱ-জন্তু, পক্ষীৰ ওপৰত উদ্যান কতৃৰ্পক্ষই সময়ে সময়ে পিয়ল চলাই আহিছে৷ এই পিয়লসমূহ চলাই আহিলেও হাতীৰ শেহতীয়া তথ্য জানিব পৰা হোৱা নাই৷ বন বিভাগে অসম বিধানসভাত দাখিল কৰা তথ্য অনুসৰি ২০১৭ চনত উদ্যানখনত থকা হাতীৰ সংখ্যা হ’ল ১০৮৯ টা৷ ৰাষ্ট্ৰীয় উদ্যানখনত সময়ে সময়ে চলাই অহা পিয়লৰ বাবে চৰকাৰৰ বুজন পৰিমাণৰ ধন ব্যয় হৈ আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here