ছোৱালীৰ কিমান বছৰৰ পৰা গুৰুত্বপূৰ্ণ সময় বিবেচিত হয়

0
45


সৃষ্টিকৰ্তাই এই পৃথিৱীলৈ মানুহক দুটা ৰূপত পঠিয়াইছে৷ এটা পুৰুষ আৰু আনটো ৰূপ হ’ল মহিলা৷ সৃষ্টিকৰ্তাই কৰা এই অপূৰ্ব সৃষ্টিৰ বাবে ধৰাৰ বুকু সকলো সয়েমত সুন্দৰ হৈ থাকে৷ কিন্তু মহিলাসকলৰ গুৰুত্বক সকলোতকৈ বেছি অগ্ৰাধিকাৰ দিয়া হয়৷ কথাতে আছে মহিলাৰ মন বুজাটো অত্যন্ত টান৷ কাৰণ তেওঁলোকে মনৰ ভিৰতৰ অশান্তি, খং ৰাগত থাকিলেও মনৰ বাহিৰখন শান্ত, কোমল হৈ থাকে৷ আনহাতে ছোৱালীবোৰ ১৮ বছৰৰ পৰা ২০ বছৰ বয়সলৈকে লাজকুৰীয়া স্বভাৱৰ হৈয়ে থাকে৷ এটা সমীক্ষাৰ পৰা জনা গৈছে যে ২০ বছৰ বয়স এগৰাকী ছোৱালীৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ বয়স৷ কিন্তু এগৰাকী ছোৱালীৰ ক্ষেত্ৰত ২০ ৰ পৰা ৩০ বছৰ বয়সলৈ বেছি গুৰুত্বপূৰ্ণ৷ কাৰণ ২০ বছৰৰ এগৰাকী মহিলাই সকলো ভাল-বেয়া কথা বুজি নাপায়৷ আনহাতে ২০ বছৰ পাৰ হৈ বয়স বঢ়াৰ লগে লগে তেওঁলোকে সকলো কথা তথা পৰিস্থিতিৰ মুখামুখি হয় আৰু ইয়াৰ ভাল-বেয়া দিশবোৰ বুজিবলৈ ধৰে৷ ৩০ বছৰলৈ তেওঁলোকে পূৰ্ণতা লাভ কৰে৷ এটা কথা জনা ভাল যে মহিলাসকলৰ ৩০ বছৰ বয়স এটা গুৰুত্বপূৰ্ণ প্ৰাপ্ত বছৰ৷ এই বয়সত তেওঁলোকে ঘৰৰ দায়-দায়িত্ব সকলো চম্ভালি ল’ব পৰা হয়৷ ইয়াৰ আগত সময়খিনিত মহিলাসকলে বেছিভাগ সিদ্ধান্ত ভালদৰে ল’ব নোৱাৰে৷ কিন্তু ৩০ বছৰ বয়সৰ পাছত মহিলাসকলে ভাবি-চিন্তি এটা সুস্থ সিদ্ধান্ত ল’ব পৰা হয়৷ এই বয়সত মহিলাসকলৰ আত্মবিশ্বাস অত্যাধিক বাঢ়ি যায়৷ গতিকে সিদ্ধান্ত লোৱাত ভুল নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here