এন্ধাৰ, সাপ, তেজ, ওখ ঠাই আদি… ভয়ে সূচায় মানুহৰ চৰিত্ৰ

0
38


আজি বিজ্ঞানৰ যুগতো ভয়, ভূত, ডাইনী আদি শব্দবোৰ আমাৰ মাজত এতিয়াও যেন ক’ৰবাত সোমাই আছে৷ বাস্তৱত একো অস্তিত্ব বিচাৰি নোপোৱা আচলতে এইবোৰে দুৰ্বল মনৰ মানুহক বশ কৰে৷ সেয়ে কথাতে আছে যে ভয়ে ভূত৷ এই পৃথিৱীৰ ভূতৰ কোনো অস্তিত্ব পাবলৈ নাই৷ এিতয়া মূল কথাটো হ’ল মানুহে যে অকল ভূতলৈ ভয় কৰে, এনে নহয়৷ সাপ, এন্ধাৰ, তেজ, ওখ ঠাই বগোৱাৰ ক্ষেত্ৰত বা পানীলৈ নামোতে, জুই, মকৰাৰ জাল, পোক-পতংগ, অকলশৰীয়াকৈ থকা, মানুহৰ সমাগম, হৈ-হাল্লা আদি বিভিন্ন কাৰকলৈ ভয় কৰে৷ আচলতে এইবোৰ একো একোটা ফ’বিয়া৷ মানুহৰ মনৰ ভয় ভাব বা ফ’বিয়াবোৰে বুজাই দিয়ে মানুহজনৰ চৰিত্ৰগত কথা অৰ্থাৎ মানুহৰ কেনে প্ৰকৃতিৰ হয় এই কথাটো এইবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে৷
সাপক ভয় নকৰা মানুহ খুব কমেই আছে৷ আপুনি যদি সাপৰ নাম শুনিলে ভয় খায়, তেনেহ’লে আপুনি যিকোনো বস্তুক লৈ ভীষণ প্ৰোটেক্টিভ৷ আনৰ ওচৰত সকলো সময়তে ভয় ভয় ভাৱত থাকে৷ অকল মানুহৰ ক্ষেত্ৰতে নহয়, জীৱ-জন্তুৰ যতন তথা তত্ত্বাৱধানত িপেছ নেপেলায়৷
আনহাতে এনে কিছু মানুহ আছে, যিয়ে তেজ চাব নোৱাৰে বা তেজ দেখিলেই মূৰ আচন্দ্ৰাই কৰে৷ এনে প্ৰকৃতিৰ লোক বেছ শান্ত প্ৰকৃতিৰ হয়৷ এনে মানুহে জঞ্জাল, জটিলতা আদি এৰাই চলে৷ তাৰ লগতে মনৰ ফালৰ পৰাও অতি নৰম প্ৰকৃতিৰ হয়৷ সহজে সকলো কথা মানি লয়৷
আপুনি কি প্ৰকাশ্যে কথা ক’বলৈ ভয় কৰে৷ বেছি ভিৰ বা মানুহৰ সমাগমলৈ যাবলৈ ভাল নাপায়৷ এনে হ’লে আপুনি পাৰফেকছনিষ্ট৷ অৱশ্যে আপোনাৰ মাজত আত্মবিশ্বাসৰ অভাৱ দেখা যায়৷ সেয়ে আপুনি কিবা কথা ক’লে ইয়াৰ প্ৰতিক্ৰিয়া বা সমালোচনালৈ ভয় কৰি বাহিৰ নকৰি মনৰ ভিতৰতে ৰাখে৷
আপুনি মকৰা জাল দেখিলে ভয় খায় নেকি? ইয়ো একধৰণৰ ফ’বিয়া৷ এনে স্বভাৱত লোকে জানিব যে তেওঁ ওজন জন্মগত নেতা৷
আনহাতে এন্ধাৰলৈ ভয় খোৱা বা এন্ধাৰ পচন্দ নকৰা মানুহজন সদায় সৃষ্টিশীল হয়৷ যি দেখে সেইলৈও খুব বেছি ভাবনাত বুৰ যায়৷ অৰ্থাৎ এনে অৱস্থালৈ ভয় পোৱাজন সবল মনৰ মানুহ৷
অকলে ঘৰত থাকিবলৈ ভয় কৰে৷ কিছুমান পৰিস্থিতিত কেতিয়াও অকলে নাথাকে৷ জীৱনত সকলো সময়তে আনন্দ, স্ফূৰ্তিৰে জীয়াই থাকিবলৈ বিচাৰে৷ সদায় লগ-সংগী বিচাৰে৷
এনে বহু লোকে আছে, যিয়ে মানুহৰ সমাগম, হৈ-হাল্লা, ভিৰ আদি পচন্দ নকৰে৷ মানুহৰ সমাগমৰ পৰা সদায় দূৰত অৱস্থান কৰে৷ এনে অৱস্থা হ’লে নিজৰ কাৰণে এটা স্পেচ বিচাৰে আৰু অকলশৰীয়াকৈ থাকিব বিচাৰে৷
কিছুমান মানুহে ওখ ঠাই পৰ্বত পাহাৰ আদিত উঠিবলৈ ভয় কৰে৷ সাধাৰণতে এনে মানুহ খুব বুদ্ধিমান আৰু স্পৰ্শকাতৰ হয় বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here