অবিশ্বাস্য মাত্ৰাত বৰফৰ স্থানচ্যুতি ঘটিছে এণ্টাৰ্কটিকাত

0
33

যুক্তৰাষ্ট্ৰৰ আকাৰৰ ডেৰগুণ ডাঙৰ বৰফে ঢকা এণ্টাৰ্কটিকা মহাদেশৰ বৰফৰ বৃহত্তম খণ্ডৰ নাম ৰছ আইচ শেল্ফ৷ ই প্ৰায় এক লাখ ৮৮ হাজাৰ মাইলজুৰি বিস্তৃত৷ এই ৰছ আইচ শেল্ফৰ সৈতে যুক্ত হৈ আছে ৬০ মাইল প্ৰশস্ত হুইলান্স আইচ ষ্টীম৷ ৱাশ্বিংটন ইউনিভাৰ্ছিটিৰ বিজ্ঞানীসকলে সম্প্ৰতি আৱিষ্কাৰ কৰিছে যে হুইলান্স আইচ ষ্টীমৰ এটা ছলমান প্ৰক্ৰিয়া সম্পূৰ্ণ স্থানচ্যুতি ঘটিছে ৰছ আইচ শেল্ফৰ৷ হুইলান্স আইচ ষ্টীমৰ প্ৰক্ৰিয়াত ৰছ আইচ শেল্ফৰ কিছু অংশ বৰফৰ স্ৰোতত ভাঙি বৰফ দিনত এবাৰ বা দুবাৰ আগুৱাই গৈ ডাঙৰ অংশটো বিচ্ছিন্ন অংশৰ সৈতে যুক্ত হয়৷ পৃথিৱীৰ স্বাভাৱিক ভূতাত্ত্বিক পৰিৱৰ্তনৰ সময়কালৰ তুলনাত এইটো এটা অবিশ্বাস্য মাত্ৰা৷ ৱাশ্বিংটন ইউনিভাৰ্ছিটিৰ গৱেষণাৰ প্ৰতিবেদন জিঅ’ফিজিকেল ৰিছাৰ্চ লেটাৰ্ছ জাৰ্নালত প্ৰকাশিত হৈছে৷ ৱাশ্বিংটন ইউনিভাৰ্ছিটিৰ পৰিৱেশ তথা গ্ৰহ বিজ্ঞানৰ অধ্যাপক ডগ উইনছে কৈছে যে এই আকস্মিকভাৱে লৰচৰ কৰা ভঙা বৰফৰ খণ্ডই বৰফৰ কম্পন তথা ফাট সৃষ্টিত সম্ভাৱ্য ভূমিকা পালন কৰিব পাৰে৷ এণ্টাৰ্কটিকাৰ বৰফৰ স্ৰোতবোৰৰ এই আচৰণ অবিশ্বাস্যভাৱে গুৰুত্বপূৰ্ণ, কাৰণ এই অঞ্চলটোৰ বাবে ধমনীৰ দৰে কাম কৰে ৯০ শতাংশ বৰফে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here