এইবিধ বিষাক্ত গছৰ ফলৰ পৰা প্ৰস্তুত হয় জীৱনদায়িনী ঔষধ

0
55


নাইটছেড ভেষজ বহুবৰ্ষজীৱী উদ্ভিদ৷ ছোলানেচিয়া শ্ৰেণীৰ এই উদ্ভিদৰ পৰা নিৰ্যাস বাহিৰ কৰা অনা হয়৷ যিসকল পেটৰ সমস্যা, শ্বাসতন্ত্ৰৰ সমস্যা, প্ৰস্ৰাৱজনিত সমস্যা, ষ্টোন সংক্ৰান্তীয় সমস্যা অথবা ৰক্তচাপ সম্পৰ্কীয় অসুখত ভুগিছে, তেওঁলোকৰ কাৰণে আশীৰ্বাদস্বৰূপ হৈ উঠিব পাৰে এবিধ হোমিঅ’পেথিক ঔষধ৷ যাৰ একেলগে বহু ৰোগ নিৰাময়ৰ বাবে সক্ষম এই ঔষধ৷ এক কথাত ক’বলৈ গ’লে ভীষণ কাৰ্যকৰী এই ঔষধ৷ কিন্তু এই ঔষধবিধ প্ৰস্তুত কৰা হয় এক বিষাক্ত গছৰ পৰা৷ অৱশ্যে এই ঔষধ সেৱন কৰাৰ আগতে চিকিৎসকে দিয়া নিদানপত্ৰ মতেহে খোৱা উচিত৷ উত্তৰ প্ৰদেশৰ ফিৰোজপুৰৰ হোমিঅ’পেথি চিকিৎসক ডাঃ এম কে মজুমদাৰে জনোৱা মতে একমাত্ৰ হোমিঅ’পেথি ঔষধেৰে সকলো ৰোগৰ চিকিৎসা কৰি ৰোগ নিৰাময় কৰা হয়৷ জানিব পৰা মতে হোমিঅ’পেথি চিকিৎসাবিদ্যাত বেলাডোনা নামেৰে এবিধ দুৰ্দান্ত ঔষধ আছে৷ এই ঔষধবিধ প্ৰস্তুত কৰা হয় ইউৰোপ অথবা হিমালয় পাৰ্বত্য অঞ্চলত পোৱা আট্ৰোপা বেলাডোনা নামৰ গছৰ পৰা৷ এই গছজোপা ভয়ংকৰ বা বিষাক্ত নাইটছেড নামেৰেও পৰিচিত৷ হাঁপানি, ছালৰ সমস্যাৰ লগতে বিভিন্ন ৰোগৰ কাৰ্যকৰী ঔষধৰ মূল নাইটছেড হ’ল আচলতে ভেষজ বহুবৰ্ষজীৱী এবিধ উদ্ভিদ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here