এক বৃহৎ সফলতা: ভেক্‌চিন প্ৰদানত অগ্ৰণী ৰাজ্যত পৰিণত অসম

0
989
কভিড-১৯ ৰ ভেক্‌চিন প্ৰদানৰ ক্ষেত্ৰত অসম বহুদূৰ আগবাঢ়িবলৈ সক্ষম হৈছে৷ ভেক্‌চিন প্ৰদানৰ দৈনিক লক্ষ্য অতিক্ৰমকাৰী দেশৰ অগ্ৰণী ৰাজ্যকেইখনৰ অন্যতম হিচাপে অসমে শেহতীয়াকৈ ৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠা লাভ কৰিছে৷ কিয়নো, যোৱা তিনিটা দিনতে ৰাজ্যখনত মুঠ ৯ লাখ ৭৭ হাজাৰ ১২৯জন লোকক ভেক্‌চিন প্ৰদান কৰা হৈছে৷ অৰ্থাৎ, যোৱা তিনি দিনত ৰাজ্যখনত দৈনিক ৩ লাখ ২৫ হাজাৰ ৭০৯জন লোকে ভেক্‌চিন লাভ কৰিছে৷ যিটো অসমৰ দৰে এখন ৰাজ্যৰ বাবে এক বৃহৎ সফলতা৷ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা মতে, যদিহে কেন্দ্ৰীয় চৰকাৰে অসমক পৰ্যাপ্ত পৰিমাণে ভেক্‌চিনৰ যোগান ধৰে তেনেহ’লে অহা ৪৫ দিনৰ ভিতৰতে ৰাজ্যৰ ১৮ বছৰৰ ঊধ্বৰ্ৰ সকলো লোককে ভেক্‌চিন প্ৰদান কৰিব পৰা যাব৷ ভেক্‌চিন প্ৰদানৰ কাম যাতে ক্ষিপ্ৰ হয় তাৰ বাবে স্বাস্থ্য বিভাগে দুহেজাৰটা ভেক্‌চিন প্ৰদানকাৰী গোট গঠন কৰিছে৷ স্বাভাৱিক অৱস্থাত ৰাজ্যখনে দৈনিক ১.৫০ লাখ ভেক্‌চিন লাভ কৰে যদিও এই যোগান বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জনায়৷ প্ৰথম পালি কভেক্সিন লাভ কৰা প্ৰতিজন লোকেই দ্বিতীয় পালি কভেক্সিন ভেক্‌চিন লাভ কৰিবই বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰীজনে৷ মন কৰিবলগীয়া কথা যে ৰাজ্যত যোৱা ১৬ জানুৱাৰীৰ পৰাই কভিড-১৯ ৰ ভেক্‌চিন প্ৰদানৰ কাম আৰম্ভ হৈছিল যদিও প্ৰথম অৱস্থাত ভেক্‌চিন প্ৰদানৰ গতি যথেষ্ট লেহেম আছিল৷ ইয়াৰ পাছত কৰ’নাৰ দ্বিতীয়টো ঢৌৰ সময়ত যেতিয়া ভেক্‌চিন লোৱা লোকসকল বহু পৰিমাণে সুৰক্ষিত বুলি প্ৰমাণিত হ’ল তাৰ পাছতহে ৰাজ্যখনত ভেক্‌চিন লোৱাৰ বাবে ৰাইজ দলে-বলে ওলাই আহিবলৈ ধৰিলে৷  ইয়াৰ পাছতেই যোৱা ২১ জুনৰ পৰা ৰাজ্যখনত বৃহৎসংখ্যক লোকক ভেক্‌চিন প্ৰদানৰ কাৰ্যসূচী চৰকাৰে আৰম্ভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here