ছিকিমত হ’ব আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয়

0
307

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছিকিমত সোৱা ৰিগপা, আয়ুৰ্বেদ আৰু নেচাৰোপেথীকে ধৰি পৰম্পৰাগত ঔষধি তথা চিকিৎসা প্ৰণালীৰ প্ৰসাৰ আৰু উন্নতিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা ঘোষণা কৰে৷ 
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছিকিমত হিমালিয়ান লোকসকলৰ পৰম্পৰাগত আৰু প্ৰাচীন ঔষধ পদ্ধতি সোৱা ৰিগপাৰ সন্দৰ্ভত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ছিকিমত এখন আন্তঃৰাষ্ট্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ব– যিয়ে উত্তৰ-পূব ভাৰতৰ চিকিৎসা পৰ্যটন খণ্ডক এক নতুন গতি প্ৰদান কৰিব৷ 
জনসাধাৰণৰ মাজত সোৱা ৰিগপাৰ গুৰুত্বক প্ৰাধান্য দি ছিকিমত ৩০খন বিছনাযুক্ত সোৱা ৰিগপা চিকিৎসালয় স্থাপন কৰা হ’ব বুলি তেওঁ কয়৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছিকিমত উপগ্ৰহ প্ৰতিষ্ঠান কাৰ্যসূচীৰ অধীনত এখন আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয়ৰ লগতে 
ৰাজ্যখনৰ প্ৰতিটো গাঁও পঞ্চায়ত পৰ্যায়ত যোগ আৰু সুস্থতা কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰে৷ কৰ্মশালাত উপস্থিত থাকে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ তথা আয়ুষৰ ৰাজ্যিক মন্ত্ৰী ড॰ মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাই, ছিকিমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড॰ মণি কুমাৰ শৰ্মা প্ৰমুখ্যে জ্যেষ্ঠ বিষয়া আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here