GMCH-ৰ অধীনৰ চি এন চেণ্টাৰত সফলতাৰে প্ৰথমটো অস্ত্ৰোপচাৰ সম্পন্ন

0
348

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ নৱনিৰ্মিত হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰত [চি এন চেণ্টাৰ] যোৱা ২৪ মে’ত সফলতাৰে প্ৰথমটো অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়৷ চি এন চেণ্টাৰৰ নিউৰ’ ছাৰ্জাৰী বিভাগত সম্পন্ন হোৱা প্ৰথমটো অস্ত্ৰোপচাৰৰ জৰিয়তে মৰিগাঁৱৰ উৎপল বৰদলৈ নামৰ এটি ১১ বছৰীয়া কিশোৰৰ মগজুৰ পিছ অংশত থকা এটা টিউমাৰ সফলতাৰে আঁতৰোৱা হয়৷ 
চি এন চেণ্টাৰৰ সঞ্চালক নিউৰ’ ছাৰ্জন ডাঃ বসন্ত কুমাৰ বৈশ্যৰ নেতৃত্বত বিভাগৰ বিশেষজ্ঞ ডাঃ মৃণাল ভূঞা, ডাঃ অমৃত শইকীয়া, ডাঃ ৰাজীৱ হাজৰিকা আৰু ডাঃ আছমান আলীয়ে এই জটিল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে৷ 
অস্ত্ৰোপচাৰৰ পাছত কিশোৰটিৰ বৰ্তমান অৱস্থা সম্পূৰ্ণ সুস্থ আৰু তেওঁক ছুপাৰস্পেচিয়েলিটি হাস্পতালখনতে চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে৷ ছুপাৰস্পেচিয়েলিটি হাস্পতালখনত প্ৰথমটো অস্ত্ৰোপচাৰ সম্পূৰ্ণ সফলতাৰে সম্পন্ন কৰা নিউৰ’ ছাৰ্জাৰী বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দলটোৰ লগতে চিকিৎসালয়ৰ সকলো চিকিৎসক-অধ্যাপক আৰু স্বাস্থ্যকৰ্মীক অভিনন্দন জনাইছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ 
উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে চি এন চেণ্টাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাইজৰ সেৱাত উচৰ্গা কৰাৰ পাছত ১০ মে’ৰ পৰা ইয়াৰ বহিঃৰোগী বিভাগৰ [অ’ পি ডি] সেৱা মুকলি কৰা হৈছিল৷ এই ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ বহিঃৰোগী বিভাগত মুঠ ৪৩৯১গৰাকী আৰু অন্তঃৰোগী বিভাগত [আই পি ডি] ৫৫গৰাকী ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here