চাহৰ সৈতে কণী খালে কি সৰ্বনাশ হ’ব পাৰে ?

0
690

পুৱাৰ চাহ একাপে দিনটোলৈ শৰীৰৰ সতেজতা আনে৷ দিনটোৰ কৰ্মসূচীৰ মাজে মাজে চাহ সেৱন কৰিলে ভাগৰুৱা দেহ সক্ৰিয় কৰে৷ ফলত আমি কামত একাণপটীয়াভাৱে মন বহুৱাৰ পাৰোঁ৷ চাহে অৱসাদ ক্লান্তি দূৰ কৰে৷ বহুতৰে পুৱা চাহকাপ সেৱন কৰাৰ লগতে কণী খোৱাৰ অভ্যাস গঢ় লয় নাইবা দিনৰ ভাগতো চাহৰ সৈতে কণী খোৱা দেখিবলৈ পোৱা যায়৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে চাহ সেৱন কৰাৰ লগে লগে কণী খালে আমাৰ শৰীৰৰ যথেষ্ট অপকাৰ সাধন হয়৷ জানো আহক চাহৰ সৈতে কণী একেলগে খালে কি বিপজ্জনক হ’ব পাৰে৷
সিজোৱা কণী আৰু চাহ একেলগে খালে শৰীৰৰ প্ৰ’টিন কমি যাব পাৰে৷ প্ৰ’টিনৰ ঘাটিৰ বাবে শৰীৰত হাড়ৰ বিষ, শৰীৰ দুৰ্বল অনুভৱ কৰা আদি নানা বিসংগতিয়ে দেখা দিব পাৰে৷
গৱেষণাৰ পৰা গম পোৱা মতে চাহ আৰু কণী একেলগে খালে কোষ্ঠকাঠিন্যৰ সমস্যা ই দেখা দিব পাৰে, পিছলৈ এই কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পোৱা সহজ নহয়৷
এই দুবিধ খাদ্য একে সময়তে খালে ছালৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷
খালী পেটত কণী আৰু চাহ খালে গেছ, এচিডিটি হোৱাৰ সম্ভাৱনা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here