জানেনে ? বিশ্বৰ কিমান কোটি মানুহ ভোকাতুৰ

0
529

বিশ্বখন সকলো দিশতে বহুখিনি আগুৱাই গৈ আছে৷ প্ৰতি ছেকেণ্ডতে বিজ্ঞানৰ ন-ন আৱিষ্কাৰ, উদঘাটন আদিয়ে আধুনিক বিশ্বৰ গঢ় দিছে৷ এক নতুন দিশলৈ গতি কৰিছে আজিৰ বিশ্ব৷ কিন্তু তাৰ বিপৰীতে মানুহৰ মৌলিক অধিকাৰ এমুঠি অন্ন, বাসস্থান, জীয়াই থকাৰ অধিকাৰ আদিৰ পৰা বঞ্চিত হৈ আছে৷ 
বতৰ্মান সমগ্ৰ বিশ্বতে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰা লোকৰ সংখ্যা কিমান আপুনি জানেনে? এই সংখ্যা জানিলে হয়তো আপোনাৰো চকু কপালত উঠিব৷ কিয়নো সমগ্ৰ বিশ্বতে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰা লোকৰ সংখ্যা দিনক দিনে ঊধবৰ্গামী হৈছে৷ 
মাত্ৰ এটা বছৰতে বিশ্বৰ চাৰি কোটি মানুহ ক্ষুধাৰ কবলত পৰিছে৷ শেহতীয়াভাৱে এই ভয়াৱহ তথ্য সদৰী কৰিছে ৰাষ্ট˜সংঘৰ খাদ্য আৰু স্বাস্থ্য সংস্থাই৷ ৰাষ্ট˜সংঘৰ উক্ত প্ৰতিবেদনৰ মতে সদ্যহতে বিশ্বত ভোকাতুৰ লোকৰ সংখ্যা ১৯.৩ কোটিলৈ বৃদ্ধি পাইছে৷ 
বিশ্বৰ বিভিন্ন প্ৰান্তত হৈ থকা যুদ্ধ, সংঘৰ্ষ, প্ৰাকৃতিৰ দুৰ্যোগ, মহামাৰী, অৰ্থনৈতিক সংকট আদিৰ বাবে দুখীয়া লোকসকলে ভয়াৱহ সংকটৰ সন্মুখীন হৈছে৷ ৰাষ্ট˜সংঘৰ খাদ্য আৰু স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সমগ্ৰ বিশ্বৰ মুঠ ৫৩খন দেশৰ জনতাই বৰ্তমান ক্ষুধাৰ কবলত পৰিছে৷ 
ইয়াৰ ভিতৰত আফগানিস্তান, কংগো, ইথিওপিয়া, য়েমেন আদি ৰাষ্ট˜ৰ নাগৰিকসকলে ভয়াৱহ অৱস্থাত সন্মুখীন হৈছে৷ এনে পৰিস্থিতি অপৰিৱৰ্তিত থাকিলে অনাগত দিনত বিশ্বত ভোকাতুৰ লোকৰ সংখ্যা দুগুণে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here