১৩৫ বছৰৰ পাছত অসমত দুবিধবিৰল প্ৰজাতিৰ পখিলা আৱিষ্কাৰ

0
272


১৩৫ বছৰৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অদৃশ্য হৈ যোৱা দুটাকৈ বিৰল প্ৰজাতিৰ অৰেঞ্জ ফ্লেট পখিলা পুনৰ আৱিষ্কাৰ কৰি বোকাখাতৰ যুৱ বিজ্ঞানী তথা পখিলা বিশেষজ্ঞ মনচুনজ্যোতি গগৈয়ে ভাৰতৰ পখিলা ইতিহাসত এক নতুন বাৰ্তাৰ সূচনা কৰিলে৷ মনচুনজ্যোতি গগৈৰ এই সাফল্যত প্ৰকৃতিপ্ৰেমী তথা পখিলা বিশেষজ্ঞৰ মাজত উৎসাহৰ সৃষ্টি হৈছে৷ গগৈয়ে বিগত ২০ বছৰে পখিলাৰ সম্পৰ্কত বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি অহাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ বহু প্ৰজাতিৰ পখিলা চিনাক্ত কৰি আহিছে৷ এইদৰে নিৰৱচ্ছিন্নভাৱে চলাই অহা অনুসন্ধানৰ পাছত যুৱ বিজ্ঞানীজনে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা নোহোৱা হোৱা বিৰল প্ৰজাতিৰ দুবিধ পখিলা অৰেঞ্জ ফ্লেট গোটৰ অৰেঞ্জ ফ্লেট বা পিনটাৰা টাব্ৰিকা আৰু অৰেঞ্জ ফ্লেট বা পিনটাৰা পিনউইলি নামৰ দুবিধ বিশেষ প্ৰজাতিৰ পখিলা আৱিষ্কাৰ কৰে৷ ইয়াৰ পূৰ্বে এই দুবিধ প্ৰজাতিৰ পখিলাৰ কোনো প্ৰামাণিক তথ্য নাছিল৷ গগৈয়ে প্ৰথমবাৰৰ বাবে বিজ্ঞানসন্মত তথা পদ্ধতিগতভাৱে এই দুবিধ বিৰল প্ৰজাতিৰ পখিলাৰ তথ্য সংগ্ৰহ কৰে৷ আনহাতে মনচুনজ্যোতি গগৈৰ এই আৱিষ্কাৰৰ কথা ফেব্ৰুৱাৰী মাহৰ বোম্বেৰ নেচাৰেল হিষ্টি˜ ছ’চাইটিৰ জাৰ্নেলত গৱেষণা পত্ৰ হিচাপে প্ৰকাশ পাইছে৷ ইয়াৰ লগে লগে দেশৰ বন্যপ্ৰাণীপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে ভাৰতৰ এজন আগশাৰীৰ পখিলা গৱেষক হিচাপে মনচুনজ্যোতি গগৈয়ে বোকাখাতৰ চি এন বি বিজ্ঞান মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ৰে পৰাই পখিলা অধ্যয়নৰ ব্ৰতী হৈছিল৷ ইয়াৰ পাছত পখিলা অধ্যয়নত নিজকে সমৰ্পিত কৰি এই বিষয়ত গৱেষণা সম্পন্ন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here