চন্দ্ৰত অৱতৰণ ব্যক্তিগত খণ্ডৰ প্ৰথমখন যানৰ

0
124


আমেৰিকাৰ টেক্সাছৰ ব্যক্তিগত খণ্ডৰ মহাকাশ কোম্পানী ইন্‌টুইটিভ মেচিনৰ ‘অডিছিয়াছ মুন লেণ্ডাৰে’ [ন’ভা-চি নামেৰেও জনাজাত] চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপৰ উল্কাই খুন্দা মাৰি সৃষ্টি কৰা গাঁত ‘মালাপ্ৰেট এ’ত অৱতৰণ কৰে৷ উল্লেখ্য যে ইন্‌টুইটিভ মেচিন্‌ছ ২ মিছন [আই এম-ৰ] নামৰ এই অভিযানত ব্যক্তিগত খণ্ডৰ কোম্পানীৰ যানে প্ৰথমবাৰৰ বাবে চন্দ্ৰত অৱতৰণ কৰিলে৷ তদুপৰি এপ’ল’ যুগৰ পাছত ৫০ বছৰত ই হৈছে আমেৰিকাৰ প্ৰথমবাৰ চন্দ্ৰত অৱতৰণ যোৱা ১৫ ফেব্ৰুৱাৰীত স্পে’চএক্স ফেলকন ৯ ৰকেটৰ সৈতে অডিছিয়াছ উৎক্ষেপণ কৰা হৈছিল আৰু আঠ দিনতে ই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে৷ ২০২৩ চনৰ ২৩ আগষ্টত ভাৰতৰ চন্দ্ৰযান-৩-এ অৱতৰণ কৰাৰ পাছত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা আমেৰিকা হ’ল দ্বিতীয়খন দেশ৷ অডিছিয়াছ মুন লেণ্ডাৰে লগত কঢ়িয়াই নিছে নাছাৰ পাঁচটা পে’লড আৰু বাণিজ্যিক বোজা৷ অডিছিয়াছৰ পে’লডবোৰে চন্দ্ৰপৃষ্ঠ আৰু গেছৰ ডাৱৰৰ মাজৰ আন্তঃক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিব৷ সেইবোৰে ৰেডিঅ’ জ্যোতিৰ্বিজ্ঞানৰ পৰীক্ষাও কৰিব আৰু চন্দ্ৰপৃষ্ঠই কিদৰে মহাকাশ বতৰৰ সৈতে কিদৰে আন্তঃক্ৰিয়া কৰে সেই কথা অধ্যয়ন কৰিব৷ সূৰ্যৰ পোহৰত অডিছিয়াছৰ অভিযানৰ আয়ুস হৈছে ১৪ চান্দ্ৰ দিন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here