কাঠবাদামৰ উপকাৰিতা জানি থওঁ আহক

0
104


পুষ্টিকৰ বিভিন্ন ড্ৰাই ফ্ৰুইচৰ মাজত বাদাম হ’ল অন্যতম তথা ইয়াৰ মাজত কাদবাদাম হ’ল সকলোতকৈ জনপ্ৰিয় তথা পুষ্টিকৰ সামগ্ৰী৷ এই কাঠবাদামত ভিটামিন-ই, মেগনেচিয়াম, এণ্টিঅক্সিডেণ্ট, ফ্ৰেভনয়েড আদি প্ৰচুৰ পৰিমাণে থাকে৷ কাদবাদাম খোৱাৰ ফলত আপোনাৰ শাৰীৰিক অসুস্থতাৰ পৰা ৰক্ষা কৰি শৰীৰ সুস্থ তথা নিৰোগী কৰি ৰাখিব পাৰে৷ আনহাতে কাঠবাদামত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে, যিয়ে হাড় মজবুত তথা শক্তিশালী হোৱাত সহায় কৰে৷
প্ৰতিদিনে কাদবাদাম খালে কলেষ্টৰেলৰ মাত্ৰা বাঢ়ি যাব পাৰে, কিন্তু চিন্তাৰ কোনো কাৰণ নাই৷ কিয়নো কাঠবাদামত মনোছেছুৰেটড ফেট নামৰ এবিধ বিশেষ ধৰণৰ চৰ্বি থাকে, যিয়ে আপোনাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী৷ এই চৰ্বিয়ে শৰীৰত ভাল কলেষ্টৰেল বঢ়োৱাত সহায় কৰে৷ গৱেষণাৰ পৰা জনা মতে নিয়মিতভাৱে ৫০ গ্ৰাম কাঠবাদাম খালে ইয়াৰ এলডিএলৰ পৰিমাণ কমি এইচডিএলৰ ভাৰসাম্য বজাই ৰাখে৷
কাঠবাদামত নিৰ্দিষ্ট পৰিমাণে ফাইবাৰ থাকে, যি শৰীৰক ডিটক্সিফাই কৰাত সহায় কৰে৷ এই বাদাম খোৱাৰ ফলত সহজে পৰিপাৰতন্ত্ৰৰ মাজেৰে যোৱাৰ সহায় কৰে৷ কাঠবাদামত উচ্চ ফাইবাৰ থাকে, যিয়ে কোলন কেঞ্চাৰৰ প্ৰতিৰোধ কৰাত সহায় কৰে৷ ইয়াৰ উপৰি ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-ই তথা ফ্লেভোনয়েড পোৱা যায় বাবে স্তন কেঞ্চাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে৷
হৃৎপিণ্ড সুস্থ ৰাখিবলৈ কাঠবাদাম খোৱাটো অত্যন্ত ভাল৷ কাঠবাদামত উচ্ছ পৰিমাণৰ কলেষ্টৰেল কাম কৰাৰ বাবে বাধানুলক্ষ্য সহকাৰে পুনৰনিৰ্মাণ কৰিবলৈ প্ৰ’টিন আৰু প্ৰকৃতিগত এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ তদুপৰি কাঠবাদামত উচ্চ প্ৰয়োজনীয় মানৰ মনোছেকাৰাইড, ওমেগা থ্ৰী ফেটি এচিড পোৱা যায়, যি হাৰ্টৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে৷
যিসকলৰ টাইপ ২ ডায়েবেটিছ আছে, তেওঁলোকে ডায়েবেটিছ বজাই ৰখাৰ বাবে কাঠবাদাম খোৱা উচিত৷ কাঠবাদামত মেগনেচিয়াম থাকে বাবে শৰীৰৰ ইনছুলিন প্ৰতিৰোধৰ বিকাশ ঘটাব পাৰে৷
কাঠবাদামে আপোনাৰ তেলজাতীয় স্নাক্সৰ ইচ্ছাক দমন কৰে৷ কাৰণ ইয়াত প্ৰ’টিন তথা ফাইবাৰ বেছি তথা কাৰ্বহাইড্ৰেট কমকৈ থাকে৷ কাঠবাদাম প্ৰতিদিনে খালে কেলৰি কমোৱাটো সহায় কৰে৷ এই বাদামে ভোক কমাই বাবে ওজন কমোৱাত সহায় কৰে৷ কাঠবাদাম ভিটামিন-ইৰ এটা ডাঙৰ উৎস৷ আপোনাৰ চকুৰ দৃষ্টিশক্তি উন্নত তথা চকুৰ বিকাৰ ৰোধৰ বাবে খালে সুফল পোৱা যায়৷
কাঠবাদাম সঠিক পৰিমাণে খালে হজম প্ৰক্ৰিয়া শক্ৰিশালী হয়৷ যাৰ ফলত কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
কাঠবাদামত ফ্লেভোনয়েড থাকে বাবে ছালৰ কাৰণে যথেষ্ট উপকাৰী৷ ছালৰ পুষ্টি যোগান তথা ই ছালৰ এণ্টি এজিং হিচাপে কাম কৰে৷ যাৰ ফলত বয়সৰ চাপ, ছাল শোতোৰা পৰা, ছালৰ উজ্জ্বলতা আদি ধৰি ৰখাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here