ভাল খবৰ : AI-এ দিব নিয়োগৰ সুবিধা

0
149


কৃত্ৰিম বুদ্ধিমত্তা বা এ আই-এ চাকৰিৰ সংখ্যা হ্ৰাস কৰিব পাৰে বুলি এক আশংকাৰ সৃষ্টি হৈছে৷ কিন্তু তেনে ধৰণৰ আশংকাৰ কাৰণ নাই বুলি প্ৰকাশ কৰিছে আই বি এম ভাৰত-দক্ষিণ এছিয়াৰ পৰিচালন সঞ্চালক লন্দীপ পেটেলে৷ তেওঁৰ মতে এ আয়ে চাকৰি নোহোৱা নকৰে, ইয়াৰ পৰিৱৰ্তে নিয়োগৰ অধিক সুযোগৰহে সৃষ্টি কৰিব৷ ভাৰতত বৰ্তমান ৪৬% কোম্পানীয়ে বৰ্তমান স্বয়ংচালিত আৰু এ আই সঁজুলিৰ সৈতে কাম কৰাৰ কাৰণে কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ দি আছে৷ পেটেলে কয় যে এ আয়ে যিমান চাকৰি নোহোৱা কৰিব তাতকৈ অধিক সৃষ্টি কৰিব বুলি মোৰ দৃঢ় বিশ্বাস৷ সম্পূৰ্ণৰূপে নতুন চাকৰিৰ কল্পনা কৰাৰ সময়ত মানুহ যথেষ্ট শংকিত হৈ পৰে৷ উদাহৰণস্বৰূপে ইণ্টাৰনেটৰ আগমনৰ সময়ত বাতৰিকাকত, মুদ্ৰণৰ দৰে কিছুমান ক্ষেত্ৰত চাকৰিৰ সংখ্যা হ্ৰাস পালে যদিও ইয়াৰ ফলত ৱেব ডিজাইনাৰ, ডাটা ছায়েন্স, ডিজিটেল মাৰ্কেটিং আৰু ৱেব প্ৰকাশনত লাখ লাখ নতুন চাকৰিৰ সৃষ্টি হ’ল৷ তেওঁ লগতে কয় যে সকলোৱেই ক’ডাৰ বা এ আই ডেভেলপাৰ হ’ব নোৱাৰে, কিন্তু প্ৰযুক্তি কৌশলৰ উত্তৰণৰ লগে লগে মানুহে ইয়াৰ সৈতে কাম কৰিবলৈ শিকিব লাগিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here