ঘৰৰ পৰা মহ খেদিবলৈ কিধৰণৰ ব্যৱস্থা ল’ব?

0
1738

বাৰিষা কালত আমাৰ চৌপাশে মহ, মাখি, ডাঁহ আদিৰ উপদ্ৰৱ বাঢ়ে৷ সাধাৰণতে এই কালছোৱাত মহ-মাখিৰ বংশবৃদ্ধি অধিক পৰিমাণে হয়৷ গেলা-পচা আৱৰ্জনা, নৰ্দমা আদিত ইহঁতে বাস কৰি নানা ৰোগ-ব্যাধিৰ বাহক হিচাপে আমাৰ অনিষ্ট সাধন কৰে৷ এনে পোক-পৰুৱাৰ পৰা বাচিবলৈ আপুনি নানা উপায় অৱলম্বন কৰে যদিও প্ৰায়ে কামত অহা দেখা নাযায়৷ বজাৰত উপলব্ধ ধূপ, মস্কিতো কইল আদি জ্বলোৱাৰ ফলত কিছু সময়ৰ বাবে মহ নোহোৱা হয় যদিও জ্বলি শেষ হোৱাৰ পাছত পুনৰ মহৰ উপস্থিতিয়ে আপোনাক অস্বস্তিত পেলায়৷ ইয়াৰ উপৰি এইবোৰত থকা কেমিকেলে অজানিতে অনিষ্ট সাধন কৰে৷ সেয়েহে মহ খেদোৱাৰ কিছু উপায় আপোনালোকক ক’ব বিচাৰিছোঁ৷


(১) আপোনাৰ ঘৰৰ চাৰিওফাল পৰিষ্কাৰকৈ ৰাখক৷ লক্ষ্য ৰাখিব ক’তো যাতে গেলা-পচা আৱৰ্জনা জমা নহয়৷ কিয়নো এনেকুৱা ঠাইবোৰতহে মহে কণী পাৰে৷


(২) ঘৰৰ আশে-পাশে যাতে বৰষুণ বা অন্য পানী জমা হৈ নাথাকে ভালদৰে চাওক৷ অব্যৱহৃত গাড়ীৰ টায়াৰ, ফুলৰ টাব, পুৰণা বাল্টি আদিত কেতিয়াও পানী জমা হ’বলৈ নিদিব৷ আনহাতে বাথৰূমত পুৰণা পানী জমা কৰি নাৰাখিব৷ ঘৰৰ বাল্টি আদিত ঢাকোন ব্যৱহাৰ কৰক৷ মহ-মাখিয়ে এইবোৰত বেছিকৈ বাস কৰে আৰু মহে এইবোৰৰ বেছিকৈ বংশবৃদ্ধি কৰে৷

Mosquito Bite Allergy Symptoms - Mosquito Bite Reaction Meaning


(৩) ঘৰৰ কোণত কপূৰ্ৰ ৰাখিব পাৰে৷ কপূৰ্ৰৰ গোন্ধ মহে সহ্য কৰিব নোৱাৰে৷

(8) ঘৰৰ পৰা মহ খেদিবলৈ Peppermint Oil যুক্ত সুগন্ধি মম জ্বলাওক৷ Peppermint Oil নাৰিকল তেল আৰু অলিভ অইলৰ সৈতে মিশ্ৰণ কৰি আপুনি গাত সানিলে মহে নাকামোৰে৷


(৫) মহক সহজে আঁতৰাবলৈ লেমন ইউকেলিপটাছ তেলৰ ব্যৱহাৰ কৰক৷ এই তেলবিধ গাত লগালেও মহ আপোনাৰ ওচৰলৈ আহিব নোৱাৰে৷


(৬) শোৱাৰ সময়ত জোৰত ফেন চলালেও মহে আপোনাক কামুৰিব নোৱাৰে৷ ফেনৰ অত্যধিক বতাহত মহে উৰিব নোৱৰা হৈ পৰে৷


সেয়েহে আপোনাৰ ঘৰৰ চৌপাশ সদায় পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰাখক৷ ঘৰত সন্ধিয়া ধূপ-ধূনা জ্বলোৱাৰ অভ্যাস কৰি পৰিৱেশতো সুন্দৰ, নিকা, আধ্যাত্মিক ভাবৰ সৃষ্টি কৰক৷ ইয়াৰ সমান্তৰালভাৱে মহ খেদাৰো দিহা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here