আপুনি কেনেদৰে শোৱে? স্বাস্থ্য ৰক্ষাত শোৱাৰ ভংগী

0
2226


সকলো মানুহৰে শোৱাৰ ধৰণ বা ভংগী বেলেগ বেলেগ৷ কিছুমানে যদি চিত হৈ শুই ভাল পায়, কিছুমানে আকৌ কুকুৰি মুকুৰি হৈ শুই ভাল পায়৷ আচৰিত যেন লাগিলেও এইটো সঁচা যে আপোনাৰ স্বাস্থ্য নিৰ্ভৰ কৰে আপোনাৰ শোৱাৰ ধৰণৰ ওপৰত৷ আমি সাধাৰণতে তিনি প্ৰকাৰে শোওঁ৷ চিত হৈ, কাটি হৈ নাইবা তলমুৱাকৈ৷


(১) চিত হৈ শোৱাটো শৰীৰৰ কাৰণে ভাল৷ চিত হৈ শুলে আমাৰ ৰাজহাড় স্থিৰ হৈ থাকে আৰু ইয়াৰ ফ্লেক্সিবিলিটি উন্নত হৈ থাকে৷ ইয়াৰ লগতে চিত হৈ শুলে আমাৰ মুখত পৰা বয়সৰ চাপ কম হোৱাত সহায়ক হয়৷ কিন্তু ইয়াৰ এটাই অসুবিধা হৈছে যে চিত হৈ শুলে নাকৰ শব্দ হয়৷ যাৰ ফলত ওচৰত শোৱা মানুহৰ টোপনিত ব্যাঘাত জন্মে৷

The Science Behind Sleep Positions and How They Can Help You Get a Better Night's Sleep - The Sleep Judge


(২) প্ৰায় বেছিভাগ মানুহে কাটি হৈ শোৱাটো পচন্দ কৰে৷ লাগিলে তেওঁৰ সেয়া বাওঁফালে হওক বা সোঁফালে হওক৷ এনেকৈ শুলেও শৰীৰৰ তেনে কোনো ক্ষতি নহয় যদিও আপুনি যদি একেটা ভংগীতে অধিক টোপনি যোৱা লোক হয়, তেন্তে সোঁফাল হৈ বেছি সময় নুশুব৷ কাৰণ সোঁফালে অনৱৰতে শোৱাৰ ফলত আপোনাৰ পেটৰ সমস্যা হ’ব পাৰে৷ সেইবাবে সোঁফালৰ তুলনাত বাওঁফালে শোৱাটো বেছি ভাল৷

Pin on health solutions


(৩) বাওঁফালে শোৱাৰ ফলত হজম শক্তি বৃদ্ধি পায় আৰু গৰ্ভাৱস্থাত বাওঁফালে শোৱাটো অতি উত্তম৷ কাটি হৈ শুলে নাকৰ শব্দও নহয়৷ কিন্তু ইয়াৰ ফলত আপোনাৰ বাহুৰ বিষ হ’ব পাৰে৷

Science Update: Sleeping position during early and mid pregnancy does not affect risk of complications, NIH-funded study suggests | NICHD - Eunice Kennedy Shriver National Institute of Child Health and Human Development


(8) আপুনি যদি তলমুৱা হৈ শোৱে, তেন্তে আপুনি ব্যৱহাৰ কৰা গাৰু আৰু আপোনাৰ ডিঙিৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত৷ কাৰণ বহুতো পিঠিৰ বিষ আৰু সমস্যা ডিঙিৰ Vertebrae অংশৰ পৰা উৎপন্ন হয়৷ গতিকে আপুনি যদি তেনেকৈ শুই ভাল পায়, তেন্তে আপুনি এনেকুৱা গাৰু ব্যৱহাৰ কৰা উচিত, যিয়ে আপোনাৰ মেৰুদণ্ডডাল সুৰক্ষিত কৰি ৰাখিব পাৰে৷

What Are the Best Positions for Sleeping? | Sleep Foundation

LEAVE A REPLY

Please enter your comment!
Please enter your name here