গৱেষকৰ সাফল্য : দেহৰ কোষক হৃদকোষকৈ ৰূপান্তৰিত কৰাৰ কৌশল উদ্ভাৱন

0
181


গুৱাহাটী আই আই টিৰ গৱেষকৰ দলে নতুন যুগান্তৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ড॰ ৰাজকুমাৰ পি থামাৰৰ নেতৃত্বত গৱেষক কৃষ্ণ কুমাৰ হৰিধাছাপৱলনকে ধৰি গৱেষকৰ দলে ৰিকম্বিনেণ্ট প্ৰ’টিন ছটা বিশেষ প্ৰ’টিনেৰে গঠিত টুলবক্স প্ৰস্তুত কৰিছে৷ এইবোৰৰ সহায়ত প্ৰাপ্তবয়স্ক মানৱ শৰীৰত ছালৰ কোষ বা দেহৰ যিকোনো কোষক হৃদকোষকৈ ৰূপান্তৰিত কৰিব পাৰিব৷ ইয়াৰ সহায়ত ক্ষতিগ্ৰস্ত হৃদযন্ত্ৰৰ কলাবোৰ পুনোৎপাদন কৰিব পাৰিব৷ প্ৰ’টিনেৰে গঠিত এই টুলবক্সে গৱেষণাগাৰত অটোল’গাছ হৃদকোষৰ সৃষ্টি কৰাত সহায় কৰিব৷ আই আই টিৰ গৱেষকৰ দলটোৱে ছালৰ কোষক হৃদকোষলৈ ৰূপান্তৰিত কৰিব পৰা কোষ অন্তৰ্ভুক্ত পুনৰসংযোজন প্ৰ’টিন সফলতাৰে উৎপাদন কৰিছে৷ পুনৰসংযোজিত প্ৰ’টিন হ’লে পুনৰসংযোজিত ডি এন এ প্ৰযুক্তি ব্যৱহাৰ কৰি পৰীক্ষাগাৰত অভিযন্তা গৃহস্থ কোষে উৎপন্ন কৰা আকাংক্ষিত প্ৰ’টিন৷ এই প্ৰক্ৰিয়াটোক ছালৰ কোষৰ জেনেটিক প্ৰগ্ৰেমটোক হৃদকোষৰ দৰেই পুনৰ তাঁৰ লগোৱা বুলি ধৰিব পাৰি৷ গুৱাহাটীৰ দলটোৱে কৰ্ণাটকৰ ধৰবাড়াস্থিত এছ ডি এম কলেজ অব্‌ মেডিকেল ছায়েন্স এণ্ড হস্পিটেলৰ কেন্দ্ৰীয় গৱেষণা পৰীক্ষাগাৰৰ ডাঃ বিশ্ব কাবিশ্বৰৰ সৈতে সহযোগিতা কৰি পুনৰসংযোজিত সংযোজন প্ৰ’টিনৰ জৈৱিক কাৰ্যকলাপৰ বৈধ্যতা প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here