মহাকাশলৈ কিয় প্ৰেৰণ কৰা হ’ব আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ চুলি ?

0
208


শেহতীয়াভাৱে জানিব পৰা মতে আমেৰিকাৰ চাৰিগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিৰ চুলি অৰ্থাৎ ডি এন এ-ৰ নমুনা মহাকাশলৈ প্ৰেৰণ কৰা হ’ব৷ মহাকাশ ৰকেটৰ সহায়ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ক্ৰমে জৰ্জ ৱাশ্বিংটন, আইজেনহাৱাৰ, জে এফ কেনেডী আৰু ৰোনাল্ড ৰিগানৰ চুলি মহাকাশলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে টেক্সাছৰ বেচৰকাৰী সংস্থা ছেলেষ্টিছে৷ অৱশ্যে মহাকাশত শাৰীৰিক অৱস্থিতি সমাধিস্থ কৰাৰ এয়া কোনো নতুন ঘটনা নহয়৷ ছেলেষ্টিছ নামৰ বেচৰকাৰী সংস্থাটোৱে ঘোষণা কৰিছে যে আগন্তুক ৰাষ্ট্ৰপতি দিৱসত দেশৰ এই চাৰিগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিৰ চুলিৰ নমুনা মহাকাশত সমাধিস্থ কৰা হ’ব৷ সংস্থাটোৱে সদৰী কৰা মতে প্ৰাক্তন ৰাষ্ট্ৰপতি চাৰিগৰাকীৰ ডি এন এ-ৰ নমুনা হিচাপে প্ৰেৰণ কৰা হ’ব চুলি৷ সংস্থাটোৰ এই সুদূৰপ্ৰসাৰী চিন্তাই নিশ্চয়কৈ অনাগত দিনত আৰু মহাকাশলৈ অধিক ডি এন এ প্ৰেৰণৰ বাবে বাট মুকলি কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here