আটা, ময়দাত পোকে নধৰিবলৈ কি কৰিব ?

0
196


বজাৰৰ পৰা ক্ৰয় কৰাৰ কেইদিনমান পাছতে চাউল আটা, ময়দা আদিত সহজে পোক লগা বা পোক ধৰে৷ এইদৰে খাদ্যবস্তুত পোক লগা দেখিলে আমি কিছু অস্বস্তিত পৰোঁ৷ পাছত এইবোৰ পোক গুচাবলৈ বিভিন্ন ধৰণে চিন্তা কৰা হয়৷ আটাৰ টেমা বা চাউল বাচনত এইদৰে লগা পোক গুচাবলৈ আমাৰ হাততে কিছু উপায় আছে৷ এই উপায়বোৰ ব্যৱহাৰ কৰি এইসমূহ খাদ্যবস্তুৰ পৰা সহজে পোক গুচাব পৰা যায়৷
খৰালি কালতকৈ বাৰিষা সহজে চাউলত পোক লাগে৷ সেয়ে এনে অৱস্থাত চাউলত পোক নধৰা কৰিবলৈ চাউল থোৱা বাচনটোত কেইটামান তুলসী পাত ৰাখক৷ আনহাতে চাউলৰ পৰা পোক গুচাবলৈ চাউলখিনিত তেজপাত কেইখিলামান মিহলাই থ’ব পাৰে৷ দেখিব চাউলত পোক ধৰা কমি গৈছে৷
ময়দাত খুব সোনকালে পোক ধৰে বা পোক লাগে৷ সেয়ে ময়দাত পোক নধৰিবলৈ ময়দা থোৱা পাত্ৰটোত কেইটামান লং ৰাখক৷ ইয়াৰ পাছতে ময়দাত পোক নধৰা হ’ব৷
আটাত পোক ধৰাৰ প্ৰৱণতা সকলোতকৈ বেছি৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আটা ৰখা পাত্ৰটোত কেইটামান নিমপাত ৰাখিব পাৰে৷ ইয়াৰ ফলত আন পৰুৱাৰ পৰা সুৰক্ষিত হোৱাৰ লগতে আটাত পোকে ধৰাৰ সমস্যা নোহোৱা হ’ব৷ ইয়াৰ উপৰি পোকে ধৰাৰ পৰা বচাবলৈ তেজপাতো ৰাখিব পাৰে৷
একেদৰে চুজিৰ পৰা পোকে ধৰা বা পোক লগাৰ পৰা বচাই চুজিখিনি সুৰক্ষিত কৰি ৰাখিবলৈ চুজি থোৱা পাত্ৰটোত কেইটামান লং ৰাখিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here