কাঠআলু খোৱাসকলৰ বাবে সুখবৰ

0
1632

আলু খাই ভাল নোপোৱা মানুহ এই পৃথিৱীত বিৰল৷ আলু নোহোৱাকৈ যেন কোনো এখন ব্যঞ্জনেই সম্পূৰ্ণ নহয়৷ আলু বিভিন্ন প্ৰকাৰৰ আছে– গুটি আলু, ৰঙা আলু, মোৱা আলু, কাঠ আলু, বন আলু, মিঠা আলু ইত্যাদি৷ আজি আমি আলোচনা কৰিম কাঠ আলুৰ বিষয়ে৷ কাঠ আলুক বহুতেই মিঠা আলু বুলি ক’ব খোজে৷ কিন্তু আচলতে কাঠ আলু আৰু মিঠা আলু দুয়োবিধ বেলেগ বেলেগ৷ কাঠ আলুত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট, ভিটামিন-B6, কপাৰ, মেংগানিজ আৰু পটেচিয়াম পোৱা যায়৷ তেন্তে আহকচোন কাঠ আলুৰ উপকাৰিতাৰ বিষয়ে জানো৷

7 Health Benefits of Yams : Getatoz

[১] কাঠ আলুৱে পাচন প্ৰক্ৰিয়া সুস্থ কৰি ৰাখে৷ ই আমাৰ শৌচ স্বাভাৱিক হোৱাত সহায় কৰে৷
[২] কাঠ আলুৰ সেৱনে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰে৷
[৩] কাঠ আলুত থকা এণ্টিঅক্সিডেণ্টে কৰ্কট ৰোগৰ সম্ভাৱনা নাইকিয়া কৰাত বিশেষ ভূমিকা পালন কৰে৷

[8] তেজত হিম’গ্লবিন বৃদ্ধি কৰাৰ বাবে কাঠ আলু খোৱা উচিত৷
[৫] ওজন হ্ৰাস, কলেষ্টৰেলৰ পৰিমাণ নিয়ন্ত্ৰণ, শাৰীৰিক দুৰ্বলতা নাইকিয়া কৰা, এনিমিয়া প্ৰতিৰোধ কৰা, দৃষ্টিশক্তি বৃদ্ধি, ছাল আৰু চুলিৰ বাবেও কাঠ আলু অতি উত্তম৷


গতিকে কাঠ আলু খোৱাসকলৰ বাবে এইটো এটা সুখৰ খবৰ নহয়নে? তেন্তে আহক আমি সকলোৱে এনে এবিধ ঔষধি গুণবিশিষ্ট পাচলি কাঠ আলু খাই শৰীৰ সুস্থ কৰি ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here