গৰ্ভপাত বা মিছকাৰেজ কিয় হয় নহ’বলৈ কিদৰে সতৰ্ক হ’ব

0
40


বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী মাতৃগৰ্ভত শিশু পৰিপূৰ্ণ হৈ উঠাৰ আগতে মিছকাৰেজ বা গৰ্ভপাত হোৱাটো বৰ্তমান সময়ত খুব এটা সাধাৰণ ঘটনা হৈছে৷ প্ৰতি ১০০ গৰাকী গৰ্ভৱতী মহিলাৰ মাজত ১০.১৫ শতাংশৰ ক্ষেত্ৰতে গৰ্ভপাতৰ ঘটনা ঘটিবলৈ ধৰিছে৷ উল্লেখ্য যে গৰ্ভধাৰণৰ প্ৰথম ২৮ সপ্তাহৰ ভিতৰত যদি কোনো শিশুৰ মৃত্যু হয়, তাকেই মিছকাৰেজ বা গৰ্ভপাত হোৱা বুলি কোৱা হয়৷ সাধাৰণতে প্ৰতি চাৰিটি গৰ্ভপাতৰ তিনিটি একে সময়তে হৈ থাকে৷ বহুতৰে ক্ষেত্ৰত পৰৱৰ্তী সময়তো গৰ্ভপাত হ’ব পাৰে৷ আনহাতে কেতিয়াবা আপোনাআপুনি মহিলাৰ গৰ্ভপাত হৈ যাবও পাৰে৷ অথবা কেতিয়াবা জীৱন যাপন, শাৰীৰিক অসুস্থতা, স্বাস্থ্য, খাদ্য বা আন কোনো কাৰণত মাক-দেউতাকৰ ইচ্ছাত গৰ্ভপাত কৰা হ’ব পাৰে৷
বিশেষজ্ঞ চিকিৎসকে জনোৱা মতে বিভিন্ন কাৰণত মিছকাৰেজ হ’ব পাৰে৷
শিশুৰ জন্মগত ত্ৰুটী যেনে– গৰ্ভধাৰণৰ সময়ত যদি ভ্ৰূণ বেছি অথবা একেবাৰে কম ক্ৰমোজোম পায়, তেতিয়া ভ্ৰূণৰ সঠিকভাৱে প্ৰস্তুত নহয়৷ যাৰ ফলত গৰ্ভপাত হ’ব পাৰে৷ অৱশ্যে ইয়াৰ কাৰণ এতিয়াও বিজ্ঞানীয়ে জনা নাই৷
আনহাতে প্লাছেণ্টা বা গৰ্ভফুল নামৰ যি অংগৰ জৰিয়তে মাতৃৰ শৰীৰৰ পৰা শিশুৰ শৰীৰলৈ তেজৰ সৰবৰাহ হয়, সেই গঠনত কিবা ত্ৰুটী বা অসুবিধা থাকিলে গৰ্ভপাত হ’ব পাৰে৷
মাকগৰাকীৰ শাৰীৰিক অসুস্থতা যেনে ডায়েবেটিছ, ব্লাড প্ৰেছাৰ, কিডনীৰ সমস্যা, ইয়াৰ লগতে অভাৰএক্টিভ থাইৰয়েড গ্লেণ্ড বা আণ্ডাৰএক্টিভ থাইৰয়েড গ্লেণ্ড আদিবোৰ৷
মাতৃগৰাকীৰ ইনফেকশ্যন যেনে– ৰুবেলা, এইচআইভি, গনোৰিয়া, ছিফিলিছ, মেলেৰিয়া আদিৰ সংক্ৰমণৰ কাৰণে গৰ্ভত পানী ভাঙিব পাৰে৷
মাতৃগৰাকীৰ বয়স যদি ৩৫-৩৯ বছৰৰ হয়, তেনেহ’লে প্ৰতি ১০ গৰাকী মাতৃৰ মাজৰ দুগৰাকীৰ মিছকাৰেজ হোৱাৰ সম্ভাৱনা থাকে৷
আনহাতে হৰমনৰ সমস্যা, অত্যধিক পৰিশ্ৰম, অতিৰিক্ত ভ্ৰমণ, চিগাৰেট, মাদকদ্ৰব্য বা মদ্যপানৰ নিচা, প্ৰচুৰ পৰিমাণে কেফেইন গ্ৰহণ কৰা আদিবোৰ কাৰকৰ বাবে গৰ্ভপাত হয়৷
জৰায়ুৰ ত্ৰুটী, অস্বাভাৱিক আকৃতি, টিউমাৰ, ডিম্বায়ৰ আকাৰ স্বাভাৱিকতকৈ ডাঙৰ হোৱা, জৰায়ুৰ আকাৰ অত্যন্ত সৰু হোৱাৰ বাবে ইয়াৰ সন্তানৰ আকাৰ ডাঙৰ হ’ব নোৱৰাৰ বাবে গৰ্ভপাত হ’ব পাৰে৷ মেদবহুলতা, বিষাক্ত ঔষধ সেৱন কৰা, অত্যধিক ওজন বৃদ্ধি আদি কাৰকেও গৰ্ভপাতৰ কাৰণ হ’ব পাৰে৷
গৰ্ভাৱস্থাত কেইবাদিন ধৰি বগা স্ৰাৱ বা তেজ ওলালে লগে লগে চিকিৎসক পৰামৰ্শ লওক৷ গৰ্ভাৱস্থাৰ সময়ত পেট বা কঁকালৰ বিষ হ’লে অথবা গৰ্ভত থকা শিশুৰ লৰচল বন্ধ হ’লে সাৱধান হওক৷ পৰিয়াল বা নিজৰ অতীতত কাৰোবাৰ গৰ্ভপাতৰ ইতিহাস আছে যদি বেছি সতৰ্ক হোৱা ভাল৷ মনত ৰাখিব আগতে যদি গৰ্ভপাত হয়, তেনেহ’লে পৰৱৰ্তী গৰ্ভধাৰণৰ সময়ত চিকিৎসকৰ তত্ত্বাৱধানত থাকি সুপৰামৰ্শ গ্ৰহণ কৰা জৰুৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here