বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে তিয়ঁহে

0
62


সমগ্ৰ বিশ্বতে বহুমূত্ৰ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ শিশুৰ পৰা বৃদ্ধলৈকে বিভিন্ন বয়সৰ লোকৰ এই ৰোগ হোৱা দেখা পোৱা গৈছে৷ এই ৰোগক সম্পূৰ্ণৰূপে নোহোৱা কৰিব নোৱাৰি, ঔষধ আৰু উপযুক্ত খাদ্যৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি৷ বহুমূত্ৰ ৰোগীয়ে এই ৰোগ নিয়ন্ত্ৰণত সহায় হোৱাৰ কাৰণে তিয়ঁহ খাব পাৰে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে৷ ইয়াত থকা বিটাচিনে শৰীৰত ইনছুলিন উৎপাদন কৰাত সহায় কৰে আৰু ইয়াৰ ফলত তেজত থকা শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত সহায় হয়৷ তিয়ঁহ আঁহযুক্ত আৰু সেয়েহে তেজত থকা শৰ্কৰা হ্ৰাস কৰাত ই সহায় কৰে৷ ইয়াৰ লগতে তিয়ঁহে আমাৰ পাচনতন্ত্ৰক শক্তিশালী কৰাতো সহায় কৰে৷ বহুমূত্ৰ ৰোগীয়ে নিজৰ খাদ্য তালিকাত তিয়ঁহৰ চাটনী নিয়মীয়াকৈ ৰাখিব পাৰে৷ তিয়ঁহে ওজন হ্ৰাস কৰাতো সহায় কৰে৷ তিয়ঁহে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে৷ গৰমৰ দিনত তিয়ঁহ খালে বহুত কামত দিয়ে৷ ই শৰীৰত পানীৰ মাত্ৰা কমি যোৱাৰ পৰা ৰক্ষা কৰে৷ তিয়ঁহ ছালৰ কাৰণেও উপকাৰী৷ শৰীৰৰ পৰা বিষাক্ত দ্ৰব্যসমূহ বাহিৰ কৰাত তিয়ঁহে সহায় কৰে৷ তিয়ঁহত ভিটামিন এ, বি, চি থাকে৷ ইয়াৰ লগতে কেঞ্চাৰ প্ৰতিৰোধ কৰাতো সহায় কৰে বুলি বিশেষজ্ঞসকলে কয়৷ ইয়াত থকা ছিলিছিয়াই চুলি আৰু নখ উজ্জ্বল কৰাত সহায় কৰে৷ ইয়াৰ লগতে কিডনীৰ সমস্যা দূৰ কৰাতো তিযঁহে সহায় কৰে বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here