গ্ৰামাঞ্চলবাসীয়ে ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱাপানী পাব

0
512

অসমৰ গ্ৰামাঞ্চলত বসবাস কৰা ৬৩ লাখ বাসিন্দাক অহা ২০২৪ চনৰ ভিতৰত ঘৰে ঘৰে পাইপযোগে পানী যোগান ধৰা হ’ব৷– এইবুলি মন্তব্য প্ৰদান কৰিছে কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে৷ 
অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্বেখাৱটে কয় যে ২০১৯ চনত এই মিছন আৰম্ভ হয় আৰু আৰম্ভণিতে অসমৰ গ্ৰামাঞ্চলৰ ১১১,৩১১ পৰিয়ালেহে বিশুদ্ধ খোৱাপানীৰ যোগান পাইছিল৷ 
কিন্তু সম্প্ৰতি অসমৰ ২০,২৪,৮৬৫ পৰিয়ালক বিশুদ্ধ পানী যোগানৰ সুবিধা পোৱাত সেই হাৰ ৩২ শতাংশলৈ বৃদ্ধি পায়৷ আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক লক্ষ্যত উপনীত হোৱাৰ বাবে অধিক সমস্যা বা জটিলতা থকা অঞ্চলসমূহক অগ্ৰাধিকাৰ দি প্ৰথমেই কাম কৰাৰ পৰামৰ্শ দিয়ে৷ 
উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে জল মিছন ৰূপায়ণৰ ক্ষেত্ৰত পৰিমাণ, মান আৰু সুস্থিৰতা অক্ষুণ্ণ ৰখাত সংশ্লিষ্ট ৰাজ্যসমূহে গুৰুত্ব প্ৰদান কৰিব লাগে৷
২০২৪ চনত অসমে জলজীৱন মিছনৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰসংগত শ্বেখাৱটে কয় যে জলজীৱন মিছনৰ অধীনত কেৱল গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালতে টেপ সংস্থাপন কৰাই নহয়, সেয়া প্ৰদান আৰু দীৰ্ঘম্যাদী সুস্থিৰতা নিশ্চিতকৰণৰো চিন্তা-চৰ্চা কৰা হৈছে৷ 
ইয়াৰ বাবে নিৰন্তৰ নিৰীক্ষণ আৰু ইয়াক নিশ্চিত কৰাটো কতৃৰ্পক্ষসমূহৰ দায়িত্বৰ কথাও দোহাৰে৷ ইয়াৰ লগতে উত্ত্‌ৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ ৰূপায়ণৰ ক্ষেত্ৰত কেইটামান বিষয়ত মন্ত্ৰীগৰাকীয়ে উদ্বেগ ব্যক্ত কৰে আৰু আলোচনাত উক্ত বিষয়সমূহ পৰ্যালোচনা কৰে৷ উক্ত অনুষ্ঠানত ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here