ৰাজ্যত স্থাপন হ’ব দেশৰ প্ৰথমটো নেটৱৰ্কিং চেণ্টাৰ

0
1337

ৰাজ্যবাসীৰ বাবে এটা সুখবৰ৷ মহাকাশৰ পৰিৱেশ-পৰিস্থিতিৰ ওপৰত সজাগ দৃষ্টি ৰখাৰ উদ্দেশ্যে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ইছৰ’ৱে অসমত স্থাপন কৰিব নেটৱৰ্ক ফৰ স্পেচ অবজেক্ট ট্ৰেকিং এণ্ড এনালাইচিছ বা নেত্ৰ নামৰ ৰাডাৰ৷ ইছৰ’ৱে দেশৰ প্ৰথমটো নেটৱৰ্কিং ৰাডাৰ স্থাপন কৰিব অসমত৷ প্ৰস্তাৱিত ইছৰ’ৰ এই অভিলাষী প্ৰকল্প ৰাডাৰ কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে কামৰূপ জিলাৰ চন্দ্ৰপুৰৰ এডোখৰ ভূমি নিৰ্বাচন কৰিছে৷ ৰাজ্য চৰকাৰে উক্ত মাটিডোখৰ প্ৰস্তাৱিত স্থান হিচাপে বছনি কৰি ইছৰ’ৰ বিবেচনাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে৷ ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পস্থলীৰ প্ৰকল্পটোৰ বাবে উপযুক্ত স্থান হ’ব বুলি বিবেচনা কৰাত উক্ত স্থান পৰিদৰ্শন কৰে৷ কেশৱ মহন্তৰ উক্ত স্থান পৰিদৰ্শনৰ সময়ত তেওঁৰ লগত থাকে অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ সঞ্চালক পি এল ৰাজু, শ্বিলংস্থিত ইছৰ’ৰ অধীনস্থ উত্তৰ-পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰপ বিজ্ঞানী আৰ কে দাসৰ লগেত স্থানীয় চক্ৰ বিষয়া৷ উল্লেখ্য যে ইছৰ’ৱে মহাকাশত ইতিমধ্যে পৰিত্যক্ত হৈ পৰা বিভিন্ন দেশৰ কৃত্ৰিম উপগ্ৰহ আদি মহাকাশৰ আৱৰ্জনা আৰু গ্ৰহাণুপুঞ্জৰে সংৰ্ঘৰ্ষৰ আশংকা আদিৰ পৰা দেশীয় কৃত্ৰিম উপগ্ৰহ তথা মহাকাশ উপকৰণকে ধৰি ভাৰতীয় মহাকাশ সম্পদক সুৰক্ষিত কৰি ৰখা আৰু মহাকাশ প্‌ৰিস্থিতিৰ পৰিৱৰ্তন আদি দিশত সজাগ হৈ থাকিব পৰাকৈ ইতিমধ্যে প্ৰতিষ্ঠা কৰা ৰাডাৰ পৰিস্থিতিগত সজাগতা আৰু ব্যৱস্থাপনা সঞ্চালকালয়ৰ অধীনত অসমতো নেত্ৰ ৰাডাৰ স্থাপন কৰিবলৈ লোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here