গুৱাহাটী এতিয়া ড্ৰাগ্‌ছ সৰবৰাহৰ ট্ৰেনজিট ৰুট

0
134

গুৱাহাটী এতিয়া ড্ৰাগ্‌ছ সৰবৰাহৰ ট্ৰেনজিট ৰুট হৈ পৰিছে৷ গুৱাহাটীৰ মাজেৰে বিহাৰলৈ সৰবৰাহ কৰিবলৈ বিচৰাৰ সময়ত এইবাৰ আৰক্ষীৰ জালত পৰিল চাৰি সৰবৰাহকাৰীসহ প্ৰায় চাৰে তিনি কোটি টকা মূল্যৰ মণিপুৰী গাঞ্জা৷ প্ৰাপ্ত তথ্য অনুসৰি, অসমৰ মাজেৰে নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰাৰ তথ্য লাভ কৰাৰ পাছত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত মহানগৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰে৷ দলটোৱে গড়চুকত এখন ট্ৰাকত তালাচী চলাই বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়৷ ট্ৰাকখনত গোপন চেম্বাৰ বনাই সৰবৰাহ কৰাৰ চেষ্টা কৰা গাঞ্জাখিনিৰ ওজন ৫০০ কেজিৰো অধিক৷ জব্দ কৰা মণিপুৰী গাঞ্জাখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য চাৰে তিনি কোটিৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ 
মণিপুৰী গাঞ্জাখিনি এন এল ০১ এ এ ৩০৩৮ নম্বৰৰ ট্ৰাকখনেৰে সৰবৰাহ কৰিবলৈ চেষ্টা কৰা হৈছিল৷ এই অবৈধ কামৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চাৰিটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰীকেইটা হ’ল বিহাৰৰ মনীষ কুমাৰ, দীনবন্ধু কুমাৰ, সঞ্জয় কুমাৰ আৰু নবীন কুমাৰ৷ ট্ৰাকখনৰ সামগ্ৰী কঢ়িওৱা কণ্টেইনাৰৰ ভিতৰত আন এটা কণ্টেইনাৰ গোপনে নিৰ্মাণ কৰি লৈ তাৰ ভিতৰত মণিপুৰী গাঞ্জাখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল৷ ট্ৰাকখন ত্ৰিপুৰাৰ পৰা আহি মহানগৰীৰ গড়চুকৰ কটাহবাৰী এলেকাত ৰখাই থোৱা হৈছিল৷ আৰক্ষীয়ে সেই স্থানতে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here