পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত দেশসমূহলৈ বিশেষ পুঁজি

0
272


পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱে ক্ষতি কৰা স্পৰ্শকাতৰ দেশসমূহৰ ক্ষতি পূৰাবলৈ এটা বিশেষ পুঁজি গঠনত ৰাষ্ট্ৰসংঘৰ জলবায়ু শীৰ্ষ সন্মিলনে [কপ্‌২৭] অনুমোদন জনায়৷ দুসপ্তাহ চলা শীৰ্ষ সন্মিলনখনত এনে এটা পুঁজি গঠনৰ প্ৰক্ৰিয়া বাস্তৱত পৰিণত নহ’ব বুলি আশংকাৰ উদ্ৰেক হৈছিল৷ অৱশেষত পুঁজি গঠনত শীৰ্ষ সন্মিলনে অনুমোদন জনোৱাত প্ৰতিনিধিসকল উৎফুল্ল হৈ পৰে৷ প্ৰস্তাৱটোক লৈ কেইবাদিনো দীঘলীয়া আলোচনাৰ অন্তত কালি মাজ নিশা প্ৰস্তাৱটোত অনুমোদন জনোৱা হয়৷ অহা বছৰৰ পৰা এই পঁুজিৰ কাম-কাজ আৰম্ভ হ’ব বুলি আশা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here