গুৱাহাটীত যিকোনো মুহূৰ্ততে ভূমিস্খলনৰ আশংকা

0
1311

গুৱাহাটী মহানগৰত এফালে কৃত্ৰিম বান আৰু আনফালে আৰম্ভ হৈছে ভূমিস্খলনৰ ঘটনা৷ একাংশ পাহাৰীয়া অঞ্চলত থকা একাংশ বাসগৃহ যিকোনো সময়তে খহি পৰাৰ আশংকাই দেখা দিছে৷ কাৰণ পাহাৰৰ মাটি কাটি সমীপতে বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰাৰ ফলত পাহাৰৰ ওপৰত থকা আন বাসগৃহসমূহলৈ ভাবুকি নামি আহিছে৷ 
মহানগৰৰ জালুকবাৰী, লংকেশ্বৰ, ফটাশিল আমবাৰী, গোটানগৰ, খাৰঘুলি, নৱগ্ৰহ, নুনমাটি, কামাখ্যা, কালাপাহাৰ, নাৰেংগী, হেঙেৰাবাৰী, দক্ষিণ শৰণীয়া, নৰকাসুৰ, চূণচালি, খানাপাৰা, যোৰাবাট আদি অঞ্চলত বৰ্তমান সময়তো অতি বিপজ্জনকভাৱে একাংশ লোকে বাস কৰি থকা পৰিলক্ষিত হৈছে৷ 
পাহাৰ অঞ্চলত ভূমিস্খলন ৰোধৰ বাবে গাৰ্ডৱাল দিয়াৰ ক্ষেত্ৰত দীৰ্ঘদিন কৰি অহা অৱহেলাৰ বাবে এতিয়া সমস্যা অধিক গভীৰ হৈ পৰিছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ঘটনাৰ চৰকাৰেই সমাধানৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই৷ যাৰ বাবে প্ৰত্যেক বছৰে বাৰিষাৰ সময়ত পাহাৰত বসবাস কৰা লোকসকল তথা ইয়াৰ নামনিত বসবাস কৰা লোকসকলে ভূমিস্খলনৰ আশংকাত ভুগিব লগা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here