২০৩০-ত ভাৰতে 6G সেৱা আৰম্ভ কৰিব : মোদী

0
305

ষ্টাৰ্ট আপবোৰ আৰু ঔদ্যোগিক লোকসকলে তেওঁলোকৰ নিৰ্মিত বস্তু  স্থানীয়ভাৱে পৰীক্ষা তথা সত্য প্ৰতিপাদন কৰিবলৈ আৰু বিদেশৰ সুবিধাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ভাৰতৰ প্ৰথম ফাইভ -জি টে’ষ্টবে’ড উদ্বোধন কৰে৷
প্ৰায় ২২০ কোটি টকা ব্যয়েৰে এই টে’ষ্ট বে’ড স্থাপন কৰা হৈছে৷ এই টে’ষ্ট বে’ড উদ্বোধন কৰি ভাৰতৰ দূৰসংযোগ নিয়ামক প্ৰাধিকাৰী [ট্ৰাই]ৰ ৰূপালী জয়ন্তী উৎসৱত প্ৰধানমন্ত্ৰীয়ে কয় যে ফাইভ-জি টে’ষ্ট বে’ড হৈছে গুৰুত্বপূৰ্ণ আৰু আধুনিক প্ৰযুক্তিৰ দিশত আত্মনিৰ্ভৰশীলতাৰ এটা খোজ৷ 
প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে এই দশকৰ শেষৰফালে ভাৰতত ছিক্স-জি সেৱা আৰম্ভ হ’ব৷ আই আই টি মাদ্ৰাজৰ নেতৃত্বত বহু-প্ৰতিষ্ঠানিক প্ৰকল্পৰূপে আঠখন প্ৰতিষ্ঠানে ফাইভ-জি টে’ষ্ট বে’ডৰ বিকাশ ঘটাইছে৷ 
আনকেইখন প্ৰতিষ্ঠান হৈছে আই আই টি হায়দৰাবাদ, আই আই টি বোম্বে, আই আই টি কাণপুৰ, আই আই চি এছ বাংগালোৰ, ছ’চাইটি ফৰ মাইক্ৰ’ৱেভ ইলেকট্ৰনিক্‌ছ ইঞ্জিনিয়াৰিং এণ্ড ৰিছাৰ্চ আৰু চেণ্টাৰ অব্‌ একচেলেঞ্চ ইন ৱায়াৰলেছ টেকনলজি৷ এই টে’ষ্টবে’ডৰ সুবিধা ৫টা বিভিন্ন স্থানত পোৱা যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here