ঔষধি গুণসম্পন্ন কলপচলা খালে কি লাভ হয় ?

0
441

বৰ্তমান সময়ত বজাৰত কল পচলাৰে ভৰি পৰিছে৷ কল পচলাৰে সৰু মাছৰ লগত ৰন্ধা ব্যঞ্জনখনে সকলোকে জিভাৰ পানী পেলায়৷ এই ব্যঞ্জনখন অত্যন্ত সোৱাদযুক্ত হোৱাৰ লগতে শৰীৰৰো উপকাৰ সাধন কৰে৷ 
কল পচলা যে অকল খাবলৈ সোৱাদেই এনে নহয়, ই আমাৰ শৰীৰক বিভিন্ন প্ৰকাৰে সহায় কৰে৷ সাধাৰণতে আঞ্জা হিচাপে খাবলৈ ব্যৱহাৰ কৰা কলগছৰ পুলিকে কল পচলা বোলা হয়৷ কল পচলা বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ৷ জানো আহক কল পচলাই আমাৰ কি উপকাৰ সাধন কৰে৷ 
কল পচলাই ইউৰিক এচিডৰ সমস্যা নিৰাময় কৰে৷ কল পচলাত অতিৰিক্তভাৱে আইৰন পোৱা যায়৷ সেয়েহে যিসকলৰ আইৰনজনিত সমস্যা আছে, তেওঁলোকে কল পচলা খোৱা অত্যন্ত জৰুৰী৷ কল পচলাৰ ৰস উলিয়াই খালে শৰীৰৰ বিভিন্ন সমস্যা সমাধান হয়৷ 
কল পচলাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থকা বাৰে কোষ্ঠকাঠিন্যৰ সমস্যা, হজমৰ সমস্যা আদি নিৰাময় হয়৷ ৰক্তহীনতাৰ সমস্যা, উচ্চ ৰক্তচাপৰ সমস্যা, কলেষ্টৰেলৰ সমস্যা, ডায়েবেটিছ ৰোগী, লিভাৰৰ সমস্যা, জণ্ডিচৰ সমস্যা আদি সকলো সমস্যা নিৰাময়ৰ বাবে দৈনিক কল পচলা খালে সুফল পোৱা যায়৷ মুঠতে, আমাৰ শৰীৰত কল পচলাই অত্যন্ত কাৰ্যকৰী হিচাপে কাম কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here