গুৱাহাটীত খালী নাই মৰ্গ, মৃতদেহৰ সৎকাৰৰ বাবে ঠাই নাই কোনো শ্মশানত

0
2850

৮ ছেপ্টেম্বৰ, ২০২০; স্বাস্থ্যবাৰ্তাঃ ৰাজ্যত ভয়াবহ ৰূপত বৃদ্ধি পোৱা ক’ৰোনাক্ৰান্তৰ সংখ্যাই ইতিমধ্যে চৰম সীমা অতিক্ৰম কৰিছে। লক্ষণবিহীন ৰোগীতকৈ লক্ষণযুক্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা ঘটনাই স্বাস্থ্য বিভাগক সচকিত কৰি তুলিছে। তাতোকৈও ডাঙৰ খবৰ এই যে লক্ষণযুক্ত ৰোগীসকল “চিৰিয়াছ” হৈ পৰিছে আৰু প্ৰতিখন হাস্পতালৰ আই চি ইউ বিচনা ভৰ্তি হৈ পৰিছে। সম্প্ৰতি কোনো চিকিৎসালয়ৰে আই চি ইউত এখনো বিচনা খালী নাই। কিন্তু এই খবৰো এতিয়া পুৰণি হ’ল।

আজিৰ দিনৰ আটাইতকৈ ডাঙৰ খবৰ এয়ে যে আজিৰ দিনত গুৱাহাটীত মৰ্গ খালী নাই। গুৱাহাটীৰ কোনো শ্মশানত মৃতদেহৰ সৎকাৰৰ বাবে ঠাই নাই। ১৭ লৈকে ক্ৰমিক নম্বৰত মৃতদেহ সৎকাৰৰ নাম্বাৰিং কৰিব লগা হৈছে। বৰ্দ্ধিত মৃতদেহৰ সংখ্যা আৰু শ্মশানত মৃতদেহ সৎকাৰৰ ঠাইৰ অভাৱে কামৰূপ জিলা প্ৰশাসনক চিন্তিত কৰি তুলিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here