আপোনাৰ বাৰু এবাৰ কোৰোনা হৈ উঠিছে নেকি ?

0
5899

৮ ছেপ্টেম্বৰ, ২০২০; স্বাস্থ্যবাৰ্তাঃ ক’ৰোনাত মানুহ মৰা আপুনি শুনিছে। কিন্তু এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে “পোষ্ট ক’ভিড ক’ম্প্লিকেচন” বা চমুকৈ পি চি চি ; অৰ্থাৎ ক’ভিডোত্তৰ জঞ্জাল।

বহু লোক ক’ৰোনত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছে, চিকিৎসালয়ত লক্ষণভিত্তিক চিকিৎসা প্ৰদান কৰাৰ পিছত আৰোগ্য লাভ কৰিছে। বহুলোকে কোনো লক্ষণ নেদেখুৱাকৈ ভিতৰে ভিতৰে ক’ৰোনা হৈয়েই আৰোগ্য লাভ কৰিছে। তাৰ মাজতে এটা অন্য কথা সকলোৰে মুৰৰ কামোৰণি হৈ পৰিছে। সেয়া হ’ল ক’ভিড হৈ আৰোগ্য লাভ কৰাৰ পিছত বহুলোক বেলেগ বেলেগ অংগ-প্ৰত্যংগৰ আভ্যন্তৰীণ ক্ষয়-ক্ষতি হৈ অন্যান্য সমস্যাত ভূগিব লগাত পৰিছে।

এই সম্পৰ্কে সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিস্থান, ভূপাল আৰু দিল্লীস্থিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ত ক’ভিডোত্তৰ কম্প্লিকেচনৰ ওপৰত গৱেষণা আৰম্ভ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here