বিপদৰ আগজাননী ! দ্ৰুতগতিত শুকাইছে ব্ৰহ্মপুত্ৰৰ বক্ষ

0
723

 সংকটত পৰিছে অসম আৰু অসমীয়াৰ জীৱনৰেখা সদৃশ মহাবাহু ব্ৰহ্মপুত্ৰ৷ জলবায়ু পৰিৱৰ্তন আৰু ৰঙা চীনৰ কুটিল ষড়যন্ত্ৰৰ বলি হ’বলৈ ওলাইছে অসমীয়া সংস্কৃতিৰ বাহক বুঢ়া লুইত৷ ব্ৰহ্মপুত্ৰৰ পাৰত বাস কৰা কোটি কোটি লোকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই ইতিমধ্যে অস্বাভাৱিকভাৱে শুকাবলৈ আৰম্ভ কৰিছে মহাবাহুৰ পানী৷ উজনিৰ পৰা নামনিলৈকে যি গতিত ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে৷ এতিয়া উজনিৰ পৰা নামনিলৈকে ব্ৰহ্মপুত্ৰৰ বুকুত চকুৰে মণিব নোৱৰালৈকে দেখা পোৱা যায় মাথোঁ বালি৷ শেহতীয়াকৈ চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাটাও জলবিদ্যুৎ প্ৰকল্প  নিৰ্মাণ কৰাৰ ফলত এতিয়া খৰালি কালত নদীখনৰ পানী ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে৷ চীনে আনকি নদীখনৰ ওপৰত আৰু কেইবাটাও বান্ধ প্ৰকল্প নিৰ্মাণৰ কাম সম্প্ৰতি দ্ৰুত গতিত আগবঢ়াই নিছে৷ মন কৰিবলগীয়া কথা যে চীনে বাৰিষা কালত নদীখনত নিৰ্মাণ কৰা জলবিদ্যুৎ প্ৰকল্পসমূহ ৰক্ষা কৰাৰ বাবে বান্ধৰ পানী এৰি দিবলৈ ধৰিছে৷ ইফালে উজনিত ব্ৰহ্মপুত্ৰৰ বক্ষ বাম হোৱাৰ ফলত উজনিৰ পৰা নামনিলৈকে চৰ-চাপৰিবাসী আৰু নৈপৰীয়া ৰাইজৰ জনজীৱন বিপদাপন্ন হৈ পৰিছে৷ একেদৰে নামনিত  ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ ফলত বাংলাদেশৰ পৰা অহা প্ৰায় অৰ্ধশতাধিক শিল কঢ়িওৱা জাহাজ ধুবুৰীৰ ভিন্ন স্থানত আবদ্ধ হৈ পৰিছে৷  জলবায়ুৰ পৰিৱৰ্তনৰ ফলতো ব্ৰহ্মপুত্ৰলৈ সংকট নামি আহিছে৷ হিমাচল পৰিৱেশ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদে চলোৱা এক অধ্যয়ন অনুসৰি হিমালয়ত থকা হিমবাহসমূহ গলাৰ ফলত অনাগত সময়ত ব্ৰহ্মপুত্ৰ আৰু গংগা ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব লাগিব৷ উক্ত অধ্যয়নৰ মতে, আগন্তুক দিনত হিমালয়ৰ পৰা ওলোৱা ব্ৰহ্মপুত্ৰত বানপানীৰ প্ৰকোপ বৃদ্ধি পাব৷ খৰালি কালত নদীৰ পানী একেবাৰে শুকাই যোৱাৰ ফলত নদীপৰীয়া ৰাইজে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ব৷ এনে পৰিস্থিতিত অচিৰেই ব্ৰহ্মপুত্ৰক মাতৃ হিচাপে গণ্য কৰি অহা অসম, অৰুণাচলৰ লগতে বাংলাদেশৰ কোটি কোটি লোকৰ জীৱনলৈ নামি আহিব ঘোৰ অমানিশা

LEAVE A REPLY

Please enter your comment!
Please enter your name here