গাখীৰৰ সৈতে মিছ্‌ৰি খালে কি উপকাৰ হয় ?

0
408

সাধাৰণতে কিছমান বস্তু একেলগে খালে শৰীৰত কেতিয়াবা বিৰূপ প্ৰভাৱ পৰে, আনহাতে কিছুমান খাদ্য একেলগে খালে শৰীৰৰ কাৰণে যথেষ্ট লাভদায়ক হিচাপে কাম কৰে৷ গাখীৰ আৰু মিছৰি একেলগে খোৱাটো আমাৰ শৰীৰৰ কাৰণে উপকাৰীনে ? প্ৰাচীন কালৰে পৰা মিছ্‌ৰি গুৰুতৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰি অহা হৈছে৷ আনহাতে শৰীৰ সুস্থতাৰ বাবে গাখীৰ অত্যন্ত উপকাৰী৷ গাখীৰৰ সৈতে মিছ্‌ৰি মিহলি কৰি খালে শৰীৰৰ পুষ্টিৰ অভাৱ দূৰ হয়৷ গাখীৰৰ সৈতে মিছ্‌ৰি খালে ই এণ্টিচিড হিচাপে কাম কৰে৷

অলপ কাম কৰিলে ভাগৰুৱা অনুভৱ হোৱা, শৰীৰ দুৰ্বল অনুভৱ হোৱা, মেজাজ গৰম হৈ থকা, অনৱৰতে টোপনিৰ ভাব অহা, অলস ভাব আদি সমস্যাসমূহ শৰীৰত হিম’গ্লবিনৰ অভাৱ অথবা পুষ্টি শোষণ ক্ষমতা কমিলে হয়৷ এনে অৱস্থাত শৰীৰৰ এনাৰ্জি ঘূৰাই আনিবলৈ এক গ্লাছ গাখীৰৰ লগত মিছ্‌ৰি মিহলাই খালে যথেষ্ট সুফল পোৱা যায়৷
গৰম গাখীৰৰ লগত মিছ্‌ৰি মিহলাই খালে বদহজমৰ সমস্যা দূৰ হয়৷ এই মিশ্ৰণে গেষ্ট্ৰিকৰ সমস্যা, কোষ্ঠকাঠিন্য আৰু হজমৰ সমস্যা উন্নত হোৱাত সহায় কৰে৷
গাখীৰৰ লগত মিছ্‌ৰি একেলগে খালে অনিদ্ৰাৰ সমস্যা সহজে নোহোৱা হয়৷ মেজাজ নিয়ন্ত্ৰণ কৰাৰ লগতে মন শান্ত ৰাখিবলৈ গাখীৰৰ সৈতে মিছ্‌ৰি মিহলাই সেৱন কৰিব পাৰে৷ যিসকলে অনৱৰতে কম্পিউটাৰ, লেপটপ, মোবাইল আদিৰ ওচৰত বহি কাম কৰি থাকে, তেওঁলোকৰ কাৰণে গাখীৰ আৰু মিছ্‌ৰিৰ মিশ্ৰণটো অত্যন্ত কাৰ্যকৰী৷ ইয়ে চকু সুস্থ ৰখাত অৰিহণা যোগায়৷
শৰীৰৰ ৰক্ত সঞ্চালন উন্নত কৰিবলৈ গাখীৰৰ সৈতে মিছ্‌ৰি মিহলাই সেৱন কৰক৷ পুৰুষৰ যৌন বিকলতা দূৰ কৰিবলৈ এই মিশ্ৰণটো বেচ কাৰ্যকৰী৷ শীতকালত এক গ্লাছ গৰম গাখীৰৰ লগত মিছ্‌ৰি মিহলাই সেৱন কৰিলে কাহ-চৰ্দি আদিৰ পৰা উপশম পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here