এটা পেলনীয়া প্লাষ্টিকৰ বটলৰ বিনিময়ত পাব ১০ টকা

0
584

এটা প্লাষ্টিকৰ বটল দিয়ক আৰু লাভ কৰক নগদ ১০ টকা৷ হয়, এয়া কোনো লটাৰী খেল নহয়, বা বিনিময় প্ৰথা নহয়– এয়া হৈছে এটা অঞ্চলক প্লাষ্টিক মুক্ত কৰা লক্ষ্য এহাল দম্পতীৰ৷ এইদৰে অঞ্চলটোত পেলনীয়া প্লাষ্টিকৰ বটল সংগ্ৰহ কৰি তাৰ বিনিময়ত কোনোৱে লাভ কৰিছে ২০০-৩০০ টকাৰ পৰা হাজাৰ টকাপৰ্যন্ত৷ চেমনীয়া-শিশুসকল এতিয়া দিনে-নিশাই ব্যস্ত হৈ পৰিছে পেলনীয়া প্লাষ্টিকৰ সংগ্ৰহত৷ এই অভিনৱ অভিযান আৰম্ভ হৈছে আমাৰ ৰাজ্যত নদীদ্বীপ মাজুলীত৷ এতিয়া মাজুলীৰ বজাৰ-সমাৰ, ৰাস্তা-ঘাটত পেলনীয়া প্লাষ্টিকৰ বটল প্ৰায় নোহোৱা হোৱাৰ লেখীয়া হৈছে৷ আচৰিত হ’লেও সত্য যে এইদৰে প্লাষ্টিকমুক্ত কৰাৰ লক্ষ্য লৈছে এহাল বিদেশী পৰ্যটক দম্পতীয়ে৷ প্লাষ্টিকমুক্ত মাজুলী গঢ়াৰ সংকল্প লৈ আগবঢ়া ম’ম আৰু অমৃত নামৰ দম্পতীহালে জনসাধাৰণৰ মাজত প্লাষ্টিক বৰ্জনৰ উদ্দেশ্যে সজাগতা সৃষ্টিৰ বাবে এইদৰে অভিনৱ পন্থা হাতত হৈছে৷ এটা সুস্থ-সবল পৰিৱেশতন্ত্ৰ সৃষ্টিৰ উদ্দেশ্যে এই অভিযান আৰম্ভ কৰা বুলি মত ব্যক্ত কৰিছে তেওঁলোকে৷ এইদৰে পেলনীয়া প্লাষ্টিক সংগ্ৰহ কৰি তেওঁলোকে এটা প্লাষ্টিকৰ ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে৷ এতিয়াই যদি মাজুলীক প্লাষ্টিকমুক্ত কৰিব নোৱাৰি, অনাগত দিনত প্লাষ্টিকে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিব৷ ইয়াৰ ফলত মাজুলীৰ পৰ্যটন ক্ষেত্ৰতো যথেষ্ট বিৰূপ প্ৰভাৱ পেলাব বুলিও উল্লেখ কৰা হৈছে৷ সেয়েহে সময় থাকোঁতেই মাজুলীক প্লাষ্টিকমুক্ত কৰি পৰ্যটনৰ এখন আকৰ্ষণীয় স্থলী হিচাপে সাকাৰ ৰূপ দিয়াৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে বিদেশী দম্পতীহালে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here