সন্মতি অবিহনে ভেক্‌চিন দিব নোৱাৰিব

0
328
ক’ভিড-১৯-ৰ বিৰুদ্ধে টিকাকৰণ অভিযান এবছৰ সম্পূৰ্ণ হোৱাৰ দুদিন আগতে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জনায় যে সন্মতি নোহোৱাকৈ ভেক্‌চিন দিবলৈ চৰকাৰে কোনো নিৰ্দেশনা জাৰি কৰা নাই আৰু যিকোনো কামৰ বাবে ভেক্‌চিনৰ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰা নাই৷ ১৩ জানুৱাৰীত ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে কয় যে কোনো লোককে তেওঁলোকৰ সন্মতি অবিহনে ভেক্‌চিন ল’বলৈ হেঁচা দিব নোৱাৰিব৷ শপতনামাত এইবুলিও কয় যে ভাৰত চৰকাৰে এনে কোনো এছ অ’ পি (ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ) জাৰি কৰা নাই যে যিকোনো কামৰ বাবে ভেক্‌চিন প্ৰমাণপত্ৰ লগত থকাটো বাধ্যতামূলক৷ মন্ত্ৰ্যালয়ে কয়, যে ভাৰত চৰকাৰ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে জাৰি কৰা নিৰ্দেশনাত সংশ্লিষ্ট ব্যক্তিৰ সন্মতি অবিহনে বলেৰে ভেক্‌চিন দিয়াৰ কোনো নিৰ্দেশনা নাই৷ মন্ত্ৰ্যালয়ে কয় যে ৰাইজক পৰামৰ্শ দিয়া হৈছে, বিজ্ঞাপন দিয়া হৈছে, ছপা আৰু সামাজিক মাধ্যমেৰে জনোৱা হৈছে যে সকলো লোকে ভেক্‌চিন লোৱা উচিত আৰু এনে কামৰ বাবে ব্যৱস্থা তথা প্ৰক্ৰিয়াৰ সুবিধা দিয়া হৈছে৷ অৱশ্যে কোনো লোককে তেওঁলোকৰ সন্মতি অবিহনে ভেক্‌চিন ল’বলৈ জোৰ কৰিব নোৱাৰিব৷ এটা বেচৰকাৰী সংস্থা এভাৰা ফাউণ্ডেশ্যনে বিশেষভাৱে সফল লোকৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত ঘৰে ঘৰে কভিড-১৯ৰ ভেক্‌চিন দিয়াবলৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আৱেদনৰ সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে নিজৰ শপতনামা দাখিল কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here