গাখীৰৰ সৈতে কেতিয়াও নাখাব কি?

0
1911

সঠিক সময়ত, সঠিক মাত্ৰাত, সঠিকভাৱে খাদ্য খোৱা লোকসকলে আজীৱন নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰে৷ প্ৰতিবিধ খাদ্যবস্তুৱে আমাৰ শৰীৰত ইয়াৰ গুণাগুণ অনুসৰি প্ৰভাৱ বিস্তাৰ কৰে৷ কিছুমান খাদ্য আছে, যিসমূহ একেলগে খালে আমাৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলায়৷ তেনে খাদ্য খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ শৰীৰৰ পুষ্টি যোগানৰ বাবে গাখীৰ খোৱা হয়৷ কিন্তু এই পুষ্টিকৰ খাদ্যৰ লগত যদি ভুলবশতঃ কিছুমান খাদ্য খোৱা হয়. তেতিয়া হিতে বিপৰীতহে হয়৷ এনে অখাদ্য খোৱাৰ ফলত আমাৰ শৰীৰত বমি, পাইখান, গেষ্ট্ৰিক আদি নানা অসুবিধাই দেখা দিব পাৰে৷ আমাৰ বহুতেই চকলেট, ফল আদি গাখীৰৰ লগত খোৱা দেখা যায়৷ কিন্তু এনেদৰে খোৱা খাদ্য স্বাস্থ্যসন্মত হয়নে? অধ্যয়নৰ পৰা গম পোৱা গৈছে যে গাখীৰৰ লগত কিছুমান খাদ্য খালে পাশ্বৰ্ক্ৰিয়াৰ সৃষ্টি হৈ শৰীৰত নানা ৰোগ হব পাৰে৷ গাখীৰৰ লগত টেঙা বস্তু বা নেমু টেঙা খোৱাটো স্বাস্থ্য বিৰুদ্ধ৷ ইয়াৰ ফলত ছালৰ বিভিন্ন সমস্যা, বগা বা ক’লা দাগ, একজিমা পেটৰ সংক্ৰমণ আদিয়ে দেখা দিব পাৰে৷ গাখীৰৰ লগত কেতিয়াও কোনোধৰণৰ ফল, নাৰিকল, বাদাম, মাংস, কণী, মাটিমাহ খাব নালাগে৷ আনহাতে শাকৰ সৈতে গাখীৰ খালে বদহজম হ’ব পাৰে৷ ৰাতি দৈ গাখীৰ কেতিয়াও খাব নালাগে অথবা দৈ কেতিয়াও গৰম কৰি খাব নালাগে৷ মাছ আৰু গাখীৰ একেলগে খালে শৰীৰৰ নলীকাবিলাকৰ ভিতৰত বাধাগ্ৰস্ততা আহে আৰু তেজ দূষিত হয়৷ মৌ, মূলা, অংকুৰিত মগু গাখীৰৰ সৈতে খাব নালাগে৷ গাখীৰৰ পৰা উৎপন্ন ঘিউ সেৱনৰ পাছত ঠাণ্ডা পানী বা ঠাণ্ডা খাদ্য খোৱাটো উপচাৰ বিৰুদ্ধ বুলি কোৱা হয়৷ আনহাতে ঘিউ কপাৰ বা তামৰ বাচনত ৰাখিব নালাগে৷ গাখীৰৰ সৈতে কল কেতিয়াও খাব নালাগে৷ একেলগে খালে এবিধে আনবিধক হজম হোৱাত বাধা দিয়ে৷ আনাৰসত বমেলিন নামৰ এনজাইম থাকে, ই গাখীৰৰ সৈতে সংমিশ্ৰণ ঘটিলে দেহত বিৰূপ প্ৰভাৱ পেলায়৷ গাখীৰ কেতিয়াও পিঁয়াজ, নিমখ বা নিমখীয়া বস্তুৰে খাব নালাগে৷ সেয়েহে উপৰিউক্ত খাদ্যবোৰ একেলগে খোৱাৰ অনুপযোগী হোৱা হেতু জানি-বুজি লৈহে খোৱা উচিত, নহ’লে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে

LEAVE A REPLY

Please enter your comment!
Please enter your name here