বৃক্কৰোগৰ বিকল্প চিকিৎসা – ডাঃ অনুপ বৈশ্য

0
1832

বিশ্বৰ জনসংখ্যাৰ অধ্যয়নত দেখা পোৱা এক ভয়ংকৰ তথ্যই গোটেই বিশ্বৰ চিকিৎসক তথা বৌদ্ধিক মহলত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ যেতিয়া উপলব্ধ তথ্যই সকীয়াই গৈছে যে ক্রমান্বয়ে বৃক্ক বিকল হোৱা ৰোগীৰ সংখ্যা ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ লৈছে৷ ১৯৯০ চনত বৃক্ক বিকল হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যাই ২৭নং স্থান দখল কৰিছিল আৰু ২০১০ত ই গৈ ১৮ স্থান আৰু ২০২০ত বিভিন্ন ৰোগ হৈ মৃত্যু হোৱা ৰোগীৰ প্রথম দহবিধ কাৰণৰ অন্য এক কাৰণ হিচাপে পৰিগণিত হৈছে৷ বর্তমানৰ তথ্য মতে ভাৰতৰ ১০০জন ৰোগীৰ ১৭জনেই এই ৰোগত আক্রান্ত৷ বৃক্ক বিকল বুলি গম পোৱাৰ পিছত চিকিৎসা হিচাপে ডায়েলাইছিছ (যাৰ দ্বাৰা শৰীৰত জমা হোৱা বিষাক্ত ক্রিয়েটিনিন আৰু ইউৰিয়া যন্ত্রৰ দ্বাৰা পৰিশোধন কৰা হয়) লাক্ষণিক চিকিৎসা আৰু বৃক্ক সলনি অর্থাৎ renal trasplant কৰিব লগা হয়, যি প্রক্রিয়া আর্থিকভাৱে বা সামাজিকভাৱে অতি দুর্বিষহ৷
বৃক্ক হৈছে আমাৰ শৰীৰৰ এক প্রধান অংশ৷ আমাৰ শৰীৰত দুটাকৈ বৃক্ক পেটৰ পশ্চাদ ভাগৰ নিম্ন অংশত ৰাজহাড়ৰ দুয়োকাষে থাকে৷ যাৰ প্রধান কাম মূত্র উৎপাদন কৰি শৰীৰত জমা হোৱা জল দ্রৱিত অলাগতিয়াল দ্রব্যসমূহ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া৷ এই প্রক্রিয়া সম্পন্ন কৰে নেফ্রন নামৰ এবিধ গঠনৰ দ্বাৰা আৰু এই নেফ্রনৰ শোধন কৰা চেকনিখনৰ নাম গ্লোমেৰুলাছ বুলি কোৱা হয়৷ মূত্র উৎপত্তি কৰাৰ উপৰি কিডনী বা বৃক্কই আন কেতবোৰ প্রধান কর্ম কৰে যেনে– কেলচিয়াম আৰু ভিটামিন ডিৰ উৎপাদন, renin নামৰ এবিধ ৰসায়নৰ নিঃসৰণ কৰি ৰক্ত প্রেছাৰ নিয়ন্ত্রণ কৰা erythropoetin নামৰ এবিধ হৰম’নৰ নিঃসৰণ কৰা, যিয়ে অস্থি মজ্জাৰ পৰা ৰক্ত উৎপাদনত সহায় কৰে আদি৷ ইয়াৰ উপৰি কিডনীয়ে আমাৰ ৰক্তৰ Ph সঠিক কৰি ৰখাত সহায় কৰে, যি সাধাৰণতে সামান্য খাৰিয় ph৭.৪ হয়৷ এইবোৰ কাৰণতেই কিডনী বিকল হোৱা ৰোগীৰ তেজ কমি যায়, কেলচিয়ামৰ অভাৱ হয়, মূত্র নির্মাণত বাধাৰ বাবে শৰীৰত অতিৰিক্ত পানীৰ জমা হয়, বিষাক্ত ক্রিয়েটিনিন আৰু ইউৰিয়া পৰিশোধন কৰিব নোৱাৰাৰ ফলত ইয়াৰ বিষাক্ত প্রভাৱৰ সৃষ্টি যেনে– বমি হোৱা, ছাল শুষ্ক হোৱা, মস্তিষ্কৰ বিকৃতি আদি আৰু পটাছিয়াম অত্যাধিক জমা হৈ হৃদয় বিকল কৰা, ছডিয়াম বেছিকৈ জমা হৈ শৰীৰ ফুলা আদি অসুবিধাৰ সৃষ্টি হয়৷ মুঠৰ ওপৰত বৃক্কৰ বিকলতাই এক নিশ্চিত মৃত্যুৰ দুৱাৰডলিলৈ ৰোগীজনক লাহে লাহে লৈ গৈ থাকে৷
আয়ুর্বেদৰ মতে ৰক্ত আৰু মেদ ধাতুৰ সাৰৰ পৰা বৃক্কৰ সৃষ্টি হয়৷ আয়ুর্বেদত বৃক্কই মূত্র নির্মাণ কৰাৰ পোনপটীয়া বর্ণনা পোৱা নাযায় যদিও বস্তি নামৰ এক অংশই মূত্র নিঃসৰণ কৰে বুলি উল্লেখ পোৱা যায়৷ বস্তি সমগ্র মূত্রৱহ সংস্থানক বুজায়৷ আয়ুর্বেদৰ মতে মূত্র এবিধ মল আৰু ইয়াৰ উৎপত্তিৰ আৰম্ভণি খাদ্য হজম হোৱাৰ পিছত পক্কাশয় নামৰ পেটৰ এবিধ বিশেষ অংশৰ পৰা হয়৷
খাদ্য হজম প্রক্রিয়া সুচাৰুৰূপে নহ’লে যি বিষাক্ত দ্রৱ্যৰ সৃষ্টি হয় তাক আম বুলি আয়ুর্বেদ শাস্ত্রত উল্লেখিত৷ এই আমে শৰীৰৰ বিভিন্ন অংশত বিষাক্ত প্রভাৱ পেলোৱাৰ উপৰি বৃক্ক বিকল কৰে৷ আম নাশৰ বাবে বর্ণিত বহু ঔষধিও আয়ুর্বেদিক চিকিৎসকসকলে ব্যৱহাৰ কৰি বৃক্কৰ কার্যক্ষমতা পুনৰ সক্রিয় কৰা দেখা যায়৷ ইয়াৰ উপৰি বিভিন্ন বনৌষধি আৰু খনিজ দ্রব্যৰ ব্যৱহাৰ কৰি বিকল হোৱা বৃক্কক পুনৰ কার্যক্ষম কৰি তুলিব পাৰে৷
নষ্ট হোৱা বৃক্ক পুনৰ সক্রিয় হোৱাটো সম্ভৱনে?
আধুনিক চিকিৎসা বিজ্ঞানৰ মতে বৃক্কৰ কোষসমূহৰ পুনৰ সৃষ্টিৰ ক্ষমতা থাকে৷ অর্থাৎ কোষসমূহ যদি সংখ্যাত নষ্ট হৈ কম হৈ যায়, তেন্তে থকা কোষসমূহৰ পৰা নতুন কোষৰ সৃষ্টি হ’ব পাৰে৷ এনেবোৰ কোষক stable cell বুলি কোৱা হয়৷ উপৰিউক্ত তথ্যৰ পৰা বুজা যায় যে বৃক্কৰ কোষ পুনৰ উজ্জীৱিত কৰি বৃক্কক আগৰ অৱস্থালৈ ঘূৰাই অনাটো সম্ভৱ৷ আধুনিক চিকিৎসা বিজ্ঞানত এনে কোনো ঔষধৰ প্রাদুর্ভাৱ হোৱা নাই৷ আয়ুর্বেদত বর্ণিত বহু ঔষধিৰ এনে শক্তি আছে বুলি অনুসন্ধানত প্রমাণ পোৱা গৈছে৷ বৃক্কৰ শোধন প্রক্রিয়াত glomerular filtarltion rate অর্থাৎ চমুকৈ GFR বুলি কোৱা হয়৷ GFR কমি যোৱা মানেই কিডনী বিকল হোৱা বুজায়৷ ইয়াৰ বিভিন্ন পর্যায় আছে৷ যেনে–
প্রথম পর্যায় (First Stage), সুস্থ কিডনী, GFR ৯০ শতাংশ বা ততোধিক থাকে৷
দ্বিতীয় পর্যায় (2nd Stage) GFR ৬০ৰ পৰা ৮৯ শতাংশৰ ভিতৰত থাকে৷
তৃতীয় পর্যায় (3rd Stage) GFR ৩০ৰ পৰা ৫৯ শতাংশৰ ভিতৰত থাকে৷
চতুর্থ পর্যায় GFR ১৫ৰ পৰা ২৯ শতাংশৰ ভিতৰত৷
পঞ্চম পর্যায় GFR ১৫ শতাংশলৈ বা তাতকৈ কমি গ’লে কিডনী বিকল হোৱা বুজায়৷ এনেবোৰ ৰোগীৰে ডায়েলাইছিছ কৰা দৰকাৰী হৈ পৰে৷ আৰু এনে অৱস্থা বহু দিনলৈ থাকিলে বৃক্ক সলনি কৰিবলগা হয়, যি বহু ব্যয়বহুল আৰু বৃক্কদাতা পোৱাটো সহজসাধ্য নহয়৷
তেজত থকা ক্রিয়েটিনিন পৰীক্ষা কৰি বৃক্কৰ কিমান শতাংশ নষ্ট হৈছে তাৰ অনুমান কৰিব পাৰি৷ সাধাৰণতে তেজত ক্রিয়েটিনিন ০.৫ মিঃগ্রাঃ শতাংশৰ পৰা ১.২ মিঃগ্রাঃ শতাংশৰ ভিতৰত থাকে৷
ক্রিয়েটিনিনৰ পৰিমাণ ১.৫ মিলিগ্রাম শতাংশ হ’লে ৭% কিডনী সক্রিয় হৈ থকা বুজায়৷
ক্রিয়েটিনিনৰ পৰিমাণ ২ মিঃগ্রাঃ শতাংশ হ’লে ৫% কিডনী সক্রিয় বুলি ক’ব পাৰি৷
ক্রিয়েটিনিনৰ পৰিমাণ ৩.৫ মিঃগ্রাঃ শতাংশ হ’লে ২% কিডনী সক্রিয় আৰু
ক্রিয়েটিনিনৰ পৰিমাণ ৫ মিঃগ্রাঃ শতাংশ হ’লে ১% কিডনী সক্রিয়৷ এই তথ্যখিনি আক্ষৰিক অর্থতহে৷ কিন্তু বাস্তৱত ইয়াক কোৱা টান আৰু ইয়াৰ ওপৰত বিতং গৱেষণাৰ প্রয়োজন৷
আজি আমি এই লেখাটোত বৃক্ক বিকল হোৱাৰ কাৰণসমূহৰ বিষয়ে বিশেষ আলোচনা নকৰোঁ যদিও থূলমূলকৈ কৈ থ’লোঁ যে বর্তমান খাদ্যাভ্যাস, অত্যধিক মদ্যপান, অত্যধিক মাংস আৰু অধিক প্র’টিনযুক্ত খাদ্য সেৱন, হাইপ্রেছাৰ, ডায়েবেটিছ ৰোগ, শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা কমি যোৱা, খাদ্য দ্রব্যত বিষাক্ত কীটনাশক আৰু সাৰৰ প্রয়োগ, ঔষধিৰ পার্শ্বক্রিয়া, চিকিৎসকৰ অমনোযোগিতা আদি প্রধান কাৰণ৷ ইয়াৰ উপৰি প্রায় ৩০ শতাংশ ৰোগীৰ ৰোগৰ কাৰণ এতিয়াও বিজ্ঞানীসকলে উলিয়াব পৰা নাই, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত idiopathic বুলি কোৱা হয়৷
আয়ুর্বেদিক চিকিৎসা কৰিবলৈ হ’লে এজন আয়ুর্বেদিক চিকিৎসকে ৰোগৰ কাৰণ, লক্ষণ, বায়ু, পিত্ত, কফ (ত্রিদোষ)ৰ বিকৃতি প্রক্রিয়া, শৰীৰৰ ধাতু (কোষ)সমূহত হোৱা বিকৃত, ৰোগীৰ প্রকৃতি, ৰোগৰ প্রকৃতি আদি বিভিন্ন দিশ ভালদৰে চালি–জাৰি চাইহে ব্যৱস্থাপনা প্রস্তুত কৰে৷ এটা কথা উল্লেখ কৰা প্রয়োজন যে আয়ুর্বেদিক চিকিৎসা ৰোগী অনুসৰি ভিন্ন হ’ব পাৰে৷ এয়া এলোপেথিক চিকিৎসাৰ দৰে নহয়৷ সেইবাবেই অভিজ্ঞ চিকিৎসকৰ হাতৰ স্পর্শ প্রয়োজন৷ আয়ুর্বেদিক চিকিৎসক এজনে বৃক্ক বিকল হোৱা চিকিৎসাৰ বাবে ঔষধ বিবেচনা কৰিবলৈ প্রচুৰ ঔষধি ভাণ্ডাৰ আয়ুর্বেদত উপলব্ধ৷ উদাহৰণস্বৰূপে– মূত্রজনক, মূত্র বিৰজনীয়, মূত্র বিৰেচনীয়, মূত্র সংগ্রহনীয়, অল্প মূত্রকৃত, মূত্রর্তী শামক, মূত্রদোষ হৰ সৃষ্ট মূত্রকাৰক, মূত্র বিবন্ধ হৰ, অষ্মৰী হৰ, শর্কৰা হৰ, বস্তি শুদ্ধি কৰ, বস্তি শোধক, বস্তি ৰোগ হৰ, বস্তি ৰুজা হৰ, বস্তি বাতঘ্ণ ঔষধি আদি প্রধান৷ এই অপাৰ ভাণ্ডাৰৰ পৰা চিকিৎসকসকলে যুক্তিযুক্ত আৰু প্রয়োজন অনুসৰি ঔষধ বিবেচনা কৰি বিকল হোৱা কিডনী ৰোগৰ চিকিৎসা কৰিব পাৰে৷
এজন আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক তথা চিকিৎসক হিচাপে ব্যক্তিগত অভিজ্ঞতাৰ পৰা দেখিছোঁ যে প্রাৰম্ভণিক পর্যায়ত পোৱা এনে ৰোগীক সম্পূর্ণ সুস্থ কৰি তুলিব পাৰি৷ ইয়াৰ উপৰি ডায়েলাইছিছ কৰি থকা ৰোগীৰ দুটা ডায়েলাইছিছৰ মাজৰ ব্যৱধান কম কৰিব পাৰি৷ কেতবোৰ ৰোগীৰ ডায়েলাইছিছ বন্ধ কৰি দিব পাৰি৷ বিকল হোৱা কিডনীৰ বাবে সৃষ্টি হোৱা শৰীৰৰ অন্য অসুবিধাসমূহ দূৰ কৰিব পাৰি৷ কিডনী সলনি কৰিবলগীয়া ৰোগীক বহু দিনলৈ অপাৰেচন নকৰাকৈ ৰাখিব পাৰি৷ কিন্তু এটা কথা কৈ থ’ব লাগিব যে খাদ্যৰ নিয়ন্ত্রণ, শাৰীৰিক আৰু মানসিক ব্যায়াম আৰু প্রয়োজন সাপেক্ষে বৃক্ক ৰোগৰ বিশেষজ্ঞৰ পৰামর্শ আৰু অন্যান্য আধুনিক জৰুৰীকালীন চিকিৎসা প্রণালীৰ প্রয়োজনো সময়ত লাগিব পাৰে৷
প্রতিজন ৰোগীৰ বাবে ঔষধ দিওঁতে ঔষধৰ ৰস, গুণ বীর্য, বিপাক, প্রভাৱ, পার্শ্বক্রিয়া আদি দিশ অধ্যয়ন কৰিহে দিয়া ব্যৱস্থা পত্র ফলপ্রসূ হোৱা দেখা যায়৷ বর্তমান বহু যোগিক ঔষধ বজাৰত উপলব্ধ, যাৰ প্রয়োগ আধুনিক চিকিৎসা ধাৰাৰে কৰিব পাৰি৷ বজাৰত এনে বহু ঔষধ পোৱা যায়৷ বৃক্ক ৰোগত ঔষধ ব্যৱহাৰত ৰোগীয়ে সাৱধান হোৱাটো দৰকাৰ যাতে হিতে বিপৰীত নহয়৷ সেয়েহে অভিজ্ঞ আয়ুর্বেদিক চিকিৎসকৰ পৰামর্শ ল’ব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here