আপোনাৰ শৰীৰৰ আটাইতকৈ সৰু হাড়ডাল কি জানেনে?

0
1175

আপোনালোকে জানেনে মানৱ দেহৰ আটাইতকৈ সৰু হাড়কেইডাল কাণত থাকে৷ এই হাড়কেইডাল ইমানেই সৰু যে ইয়াক আঙুলিৰে এটা টিপতে ধৰিব পাৰি৷ কিন্তু এই হাড়কেইডালৰ এডালৰো অবিহনে আমি কাণেৰে নুশুনাপৰ্যন্ত হ’ব পাৰোঁ৷ মানৱ শৰীৰৰ এক অপৰিহাৰ্য অংগ হৈছে কাণ৷ শৰীৰৰ আটাইতকৈ সৰু এই হাড়কেইডাল হৈছে– Malleus, Incus, Stapes৷ এই হাড়কেইডাল কাণৰ মধ্যাংশত থাকে৷ এইকেইডালৰ আটাইতকৈ সৰু হাড়ডাল হৈছে Stapes আৰু ইয়াৰ আকাৰ ৩x৫ মিঃমিঃ৷ ই দেখিবলৈ ষ্টিৰাপৰ দৰে৷ ষ্টিৰাপ হৈছে অশ্বাৰোহীয়ে ভৰিৰ সমতা ৰাখিবলৈ ব্যৱহাৰ কৰা সঁজুলি৷ এই তিনিওডাল হাড়ক একেলগে কোৱা হয় Ossicles, যাৰ অৰ্থ হৈছে একেবাৰে সৰু হাড়৷ ইহঁতে শব্দধবনি বাহিৰৰ পৰা ভিতৰলৈ সৰবৰাহ কৰে

LEAVE A REPLY

Please enter your comment!
Please enter your name here