খৰিচা বাধ্যতামূলক : কিয়?

0
1725

বাঁহ গাজৰ কুমলীয়া অংশৰ পৰা খৰিচা তৈয়াৰ কৰা হয়৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত খৰিচাৰ ব্যৱহাৰ বহুলভাৱে হয়৷ অতীজৰে অসমীয়া গ্ৰাম্য সমাজত খৰিচাই এক বিশেষ স্থান দখল কৰি আহিছে৷ সাধাৰণতে খৰিচা দুই ধৰণেৰে প্ৰস্তুত কৰা হয়৷ বাঁহগাজ কুটি আধা খুন্দা কৰি তাত পানী মিহলাই কলহ বা তেনেজাতীয় পাত্ৰ ভৰাই টেঙা সোৱাদ হোৱালৈকে থ’ব লাগে৷ টেঙা হ’লেহে খোৱাৰ উপযুক্ত হয়৷ তাক ‘পকা খৰিচা’ বোলে৷ আনহাতে বাঁহগাজ কুটি শুকানকৈ গুড়ি কৰিও আঞ্জা বনাই খাব পাৰি৷ এনেদৰে তৈয়াৰী খৰিচাক ‘শুকান খৰিচা’ বোলে৷ এইদৰে খোৱাৰ উপৰি আচাৰ, চালাড, ভাজি কৰিও খোৱা হয়৷ ইয়াৰ বহুতো ঔষধি গুণ আছে৷ দাইল, শাক, মাছ, মাংস আদিৰ লগত খৰিচা দি জুতি লগাকৈ খাদ্য প্ৰস্তুত কৰা হয়৷ বসন্ত ৰোগ হ’লে শুকান খৰিচা মাগুৰ মাছৰ সৈতে ভাজি ৰোগীজনক ‘শুকতি’ দিয়াৰ প্ৰচলন আছে৷ মৌ, বৰল আদিয়ে কামুৰিলে পানীৰ সৈতে খৰিচা মিহলাই আঘাতপ্ৰাপ্ত স্থানত দিলে বিষ উপশম হোৱাৰ লগতে উখহি নুঠে৷ বাঁহগাজ কম আহঁযুক্ত আৰু কম চৰ্বিযুক্ত হোৱা বাবে শৰীৰৰ ওজন কমোৱাত সহায় কৰে৷ কোষ্ঠকাঠিন্য দূৰ কৰাত বাঁহগাজ উত্তম খাদ্য৷ বাঁহগাজে হজম শক্তি বঢ়োৱাত অৰিহণা যোগায়৷ খৰিচাৰ যথেষ্ট পৰিমাণে ৰোগ প্ৰতিৰোধী গুণ আছে৷ খৰিচাত পোৱা ফাইটষ্টেৰল নামৰ উপাদানে কেঞ্চাৰ প্ৰতিৰোধত সহায় কৰে৷ বাঁহগাজে শৰীৰত কলেষ্টৰেলৰ মাত্ৰা কমাই ৰাখে৷ সহজতে পোৱা এনে ঔষধিযুক্ত খাদ্যবিধ খাই আমাৰ দেহটো সুস্থ কৰি ৰাখো আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here