অনুলম বিলোম কি, কিয় আৰু কেনেকৈ?

0
1819

দৈনন্দিন কৰ্মময় জীৱনত আমি কামৰ মাজত ইয়ানেই ব্যস্ত হৈ গৈছোঁ যে আমাৰ স্বাস্থ্যৰ যতন ল’বলৈও যেন সময় নোহোৱা হৈছে৷ যাৰ পৰিণতিত মানসিক চাপ, দুশ্চিন্তা আদি বৃদ্ধি পাবলৈ ধৰিছে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আটাইতকৈ উপযুক্ত উপায় হৈছে অনুলম বিলোম৷ আটাইতকৈ সহজ আসনসমূহৰ ভিতৰত এই আসন অন্যতম৷ এই আসন কৰিবলৈ প্ৰথমে পদ্মাসনত বহি ল’ব লাগে৷ তাৰ পাছত সোঁহাতৰ বুঢ়া আঙুলিৰে সোঁফালৰ নাসাৰন্ধ্ৰটো বন্ধ কৰি ল’ব লাগে৷ চকুদুটা মুদি বাওঁফালৰ নাসাৰন্ধ্ৰৰে লাহে লাহে উশাহ ল’ব লাগে৷ যিমান পাৰি সিমান বতাহ টানি হাঁওফাঁওলৈ পঠিওৱাৰ চেষ্টা কৰিব লাগে৷ এতিয়া বুঢ়া আঙুলিটো গুচাই নিশাহ এৰিব লাগে৷ নিশাহ এৰোঁতে মধ্যমীয়া আঙুলিৰে বাওঁফালৰ নাসাৰন্ধ্ৰটো বন্ধ কৰি সোঁফালৰ নাসাৰন্ধ্ৰৰে উশাহ গ্ৰহণ কৰিব লাগে৷ এনেদৰে দুইৰ পৰা তিনি মিনিট সময় এই আসন কৰিব লাগে৷ এই আসন কৰিলে আমাৰ তেজ পৰিষ্কাৰ হোৱাৰ লগতে হৃদপিণ্ডৰ বিভিন্ন সমস্যা নিৰ্মূল হোৱাত সহায় কৰে৷ তাৰোপৰি ডায়েবেটিছ আৰু উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে৷ চকুৰ বিভিন্ন সমস্যা, মাইগ্ৰেন আদি নিমূৰ্লত সহায় কৰে৷ অনুলম বিলোম কৰিলে মানসিক চাপ, অত্যধিক চিন্তা-ভাবনা দূৰ কৰাৰ লগতে ইয়াৰ নিয়মিত অভ্যাসে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here