সাৱধান ! বেচু হৈছে নেকি?

0
2050

ছালৰ বিভিন্ন ৰোগসমূহৰ ভিতৰত বেচু অন্যতম৷ ই এবিধ সোঁচৰা ৰোগ৷ এই ৰোগে দেখা দিলে ছালখন ৰঙা পৰে আৰু সেই ঠাইত ফোঁহাৰ দৰে হয়৷ খজুৱাই দিলে ফোঁহা ফাটি ৰস বাহিৰ হয় আৰু তাত ঘা হয়৷ গাৰ ছাল চকলা চকল বান্ধে৷ তেজ আৰু পেট অপৰিষ্কাৰ হ’লে এই ৰোগ হ’ব পাৰে৷ তদুপৰি তাপৰ তাৰতম্য আৰু শৰীৰ অপৰিষ্কাৰ হ’লেও এই ৰোগ হয়৷ কিছুমান ঘৰুৱা বিধান অৱলম্বন কৰি বেচু নিমূৰ্ল কৰিব পাৰি৷

(১) নিমৰ তেলেৰে মালিচ কৰিলে বেচু ভাল হয়৷
(২) টেঙেচি টেঙা বটি বেচু হোৱা ঠাইত লগালে সুফল পোৱা যায়৷
(৩) পছতিয়াৰ শিপা আৰু পাত খুন্দি তিলৰ তেলৰ লগত মিহলাই প্ৰলেপ দিব লাগে৷
(৪) বেচু হোৱা ঠাইত কেতিয়াও চাবোন সানিব নালাগে৷
(৫) দিনে অন্তত দুই লিটাৰমানকৈ পানী খোৱা ভাল৷
(৬) বেচু হোৱা ঠাইত খজুৱাই নেমুৰ ৰস লগালে সুফল পোৱা যায়৷
(৭) এৰাপাত খুন্দি বেচু হোৱা ঠাইত লগালে ভাল হয়৷
(৮) নিমখ কমকৈ খাব লাগে৷
যিহেতু বেচু এবিধ সোঁচৰা ৰোগ৷ গতিকে এই ৰোগত আক্ৰান্ত লোকৰ কাপোৰ-কানি আনে ব্যৱহাৰ কৰিব নালাগে৷ এনে ৰোগীৰ কাপোৰ আনে কেতিয়াও পিন্ধিব নালাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here