খোৱাপানীৰ নামত বৰবিহবজাৰৰ পানী খাওঁতে সাৱধান

0
452

এটুপি খোৱাপানীৰ নামত আপুনি কি খাইছে? যদি বজাৰৰ পৰা মিনাৰেল ৱাটাৰৰ বটলৰ পানী ক্ৰয় কৰি আপুনি ভালকৈ পৰীক্ষা কৰি চাই খোৱা নাই তেন্তে আপোনাৰ বিপদ অনিবাৰ্য৷ কাৰণ এটুপি বিশুদ্ধ খোৱাপানীৰ নামত এতিয়া বজাৰত বিক্ৰী হৈ আছে লেতেৰা দ্ৰব্য মিহলি হৈ থকা শেলাই জাতীয় কিছুমান সামগ্ৰী৷ যাৰ ফলত এই পানী খোৱাৰ পাছতে যিকোনো লোক অসুস্থ  হৈ পৰিব পাৰে৷ বিশুদ্ধ খোৱাপানীৰ নামত বৰবিহ খুৱাইছে একাংশ পানীৰ কোম্পানীয়ে৷ দোকানৰ পৰা ক্ৰয় কৰা মিনাৰেল ৱাটাৰ নামধাৰী বটলবোৰৰ খোৱাপানীৰ সন্দৰ্ভত বিভিন্ন সময়ত অভিযোগ উঠি আহিছে৷ কাৰণ  কোম্পানীৰ বিশুদ্ধ খোৱাপানীৰ বটলৰ পানীৰ বটলত সময়ে-সময়ে উদ্ধাৰ হৈ আহিছে পোক আৰু শেলুৱৈ মিশ্ৰিত লেতেৰা পানী৷ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰত এতিয়া কাঠফুলাৰ দৰে গজি উঠিছে অসংখ্য খোৱাপানীৰ উদ্যোগ৷ কাৰণ কেৱল গুৱাহাটীতে দৈনিক প্ৰায় ১৫ লাখ পানীৰ বটল বিক্ৰী হয়৷ ২০০ মিলিলিটাৰৰ পৰা ২০ লিটাৰলৈকে বিভিন্ন আকাৰৰ পানী বটল এতিয়া মহানগৰৰ বজাৰত উপলব্ধ৷ 
উল্লেখ্য যে মহানগৰত নূন্যতম পৰিমাণৰ খোৱাপানীও চৰকাৰৰ আঁচনিয়ে দিব পৰা নাই৷ ফলত অসাধু চক্ৰই আৰম্ভ কৰিছে পানীৰ ব্যৱসায়৷ অত্যধিক দৰত মহানগৰীৰ লোকে পানী ক্ৰয় কৰি ব্যৱহাৰ কৰিব লগা হৈছে৷ কিন্তু বিশুদ্ধ খোৱাপানীৰ নামত মানুহৰ জীৱনক লৈ কোম্পানীবোৰে কিদৰে হেতালি খেলিছে সেয়া পৰীক্ষা কৰাৰ কোনো ব্যৱস্থা স্বাস্থ্য বিভাগৰ নাই৷ যাৰ সুবিধা গ্ৰহণ কৰি একাংশ কোম্পানীয়ে  লেবেল আৰু  ছীল ব্যৱহাৰ কৰি তাৰ ভিতৰত জেনেৰেল ফিŒI×াৰৰ পানী ভৰোৱাৰ অভিযোগ আহিছে৷ এনে বহু অবৈধ উদ্যোগ এতিয়া গুৱাহাটীৰ য’তে-ত’তে গঢ় লৈ উঠিছে৷ বিশুদ্ধ খোৱাপানীৰ নামত কোম্পানীবোৰে জনসাধৰণক বৰবিহ খুওৱা বিষয়টো সংশ্লিষ্ট বিভাগৰ কেতিয়ালৈ চকুত পৰিব সেই ক্ষেত্ৰত প্ৰশ্নৰ সৃষ্টি হৈছে৷ মন কৰিবলগীয়া যে প্ৰটোজোয়া, ভাইৰাছ, বেক্টেৰিয়া আৰু অন্ত্ৰৰ পৰজীৱীৰ দৰে ৰোগজনক অণুজীৱৰ দ্বাৰা দূষিত খোৱাপানীৰ ফলতেই ভিন্ন ৰোগ সংক্ৰমিত হয়৷ এই দূষিত পানী সেৱনৰ বাবেই কলেৰা, টাইফইড, ডায়েৰিয়া, হেপাটাইটিছ-এ আদিৰ দৰে ৰোগৰ সৃষ্টি হয়৷ গতিকে নাগৰিকৰ জীৱনৰ কথা চিন্তা কৰি চৰকাৰে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো অধিক প্ৰয়োজনীয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here