মূত্ৰত্যাগৰ পাছতো পেচাব নিৰ্গত হয় নেকি? কিহৰ লক্ষণ হ’ব পাৰে ?

0
118

প্ৰস্ৰাৱ কৰাৰ পাছত বহু সময়ত কেইটোপালমান পেচাব ৰৈ যায় আৰু লাহে লাহে প্ৰস্ৰাৱ সম্পূৰ্ণ হৈ যোৱাৰ পাছত বাহিৰত পৰে৷ এই বিষয়টো খুব এটা বিৰল নাইবা অস্বাভাৱিক নহয়৷ বিভিন্ন সময়ত মূত্ৰনলীত বহু সময় ধৰি প্ৰস্ৰাৱ জমা হৈ থাকে৷ জোৰকৈ পেচাব লগাৰ ফলত পেচাব হয় ঠিকেই, পিছে পেচাবৰ পাছতো এটোপ এটোপকৈ পাছতো মূত্ৰ ওলাই থাকে৷ বয়স আৰু স্বাস্থ্যৰ হেতু পুৰুষসকল ক্ষেত্ৰত এই ঘটনাটো ঘটে৷ বিজ্ঞানৰ ভাষাত ইয়াক কোৱা হয় ইউৰিনাৰী ড্ৰিবল বা টাৰ্মিনেল ড্ৰিপিং৷ এই সমস্যাটোৰ ক্ষেত্ৰত তিন্তাৰ বিশেষ কাৰণ নাই, যদিও কিছুমানৰ ক্ষেত্ৰত এটা বিপদৰ সংকেতো অৱশ্যে নোহোৱা নহয়৷ সাধাৰণতে মূত্ৰনলী সৰু হৈ গ’লে এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ কেতিয়াবা মূত্ৰনলীত জমা হোৱা তৰল নিৰ্গত হ’লেও পেচাবৰ এইধৰণৰ সমস্যা হ’ব পাৰে৷ কোনো ক্ষেত্ৰত প্ৰ’ষ্টেট গ্ৰন্থি বাঢ়ি অহাৰ বাবে এই সমস্যাৰ সৃষ্টি হোৱা দেখা যায়৷ কেতিয়াবা দেখা যায় যে প্ৰস্ৰাৱ সম্পূৰ্ণ কৰা হোৱাৰ পাছতো অনিয়ন্ত্ৰিতভাৱে কিছু মূত্ৰ মূত্ৰনলীত ৰৈ যায় আৰু পাছত সেইখিনি টোপ টোপকৈ ওলায়৷ অধিকাংশৰ ক্ষেত্ৰত বয়স বঢ়াৰ লগে লগে এই সমস্যা বৃদ্ধি পায়৷ মূত্ৰ ত্যাগৰ সময়ত মূত্ৰ দেহৰ বাহিৰে সুসংগত সংকোচন আৰু প্ৰসাৰণৰ ফলত মূত্ৰ দেহৰ বাহিৰে নিৰ্গত হয়৷ আনহাতে স্নায়ৱিক নিয়ন্ত্ৰণ কমি হ’লে অথবা পেশী দুৰ্বল হ’বলৈ ধৰিলেও এইধৰণৰ সমস্যা হয়৷ সেয়েহে এইধৰণৰ সমস্যা দেখা দিয়ে ততালিকে চিকিৎসকৰ কাষ চপা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here