কেঁচা পিঁয়াজৰ এনে কিআছে চমৎকাৰী গুণ

0
585

পিঁয়াজ– আমাৰ দৈনন্দিন খাদ্য সামগ্ৰী ৰন্ধা-বঢ়া কৰাত এইবিধ পাচলিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে৷ পিঁয়াজৰ ৰন্ধন প্ৰণালীত গুৰুত্ব অপৰিসীম৷ এইবিধ সামগ্ৰী নহ’লে গোটেই ব্যঞ্জনবোৰৰ সোৱাদেই আধৰুৱা হয়৷ আনহতে পিঁয়াজ খাদ্য অমৰ হয় বুলিও একাংশই বিশ্বাস কৰে৷ পিঁয়াজ এবিধ অত্যন্ত পুষ্টিসম্পন্ন খাদ্য৷ ইয়াত প্ৰ’টিন আৰু ফাইবাৰ যথেষ্ট পৰিমাণে পোৱা যায়৷ পিঁয়াজত ভিটামিন-চি আৰু ফলিক এচিড, ছালফিউৰিক যৌগৰ লগতে কেঞ্চাৰ প্ৰতিৰোধী যৌগ আৰু স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বহুকেইটা যৌগ থাকে৷ জানো আহক পিঁয়াজে আমাৰ শৰীৰৰ কিদৰে সহায় কৰে৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত পিঁয়াজে বিশেষভাৱে ভূমিকা গ্ৰহণ কৰে৷
গৱেষণাৰ পৰা পোৱা গৈছে যে পিঁয়াজে শৰীৰৰ কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে৷
পিঁয়াজে টোপনি আৰু মানসিক অৱস্থা উন্নত কৰাত সহায় কৰে৷
পিঁয়াজে তেজৰ লাগতিয়াল উপাদান বৃদ্ধিত যথেষ্ট অৰিহণা যোগায়৷
খাদ্যৰ বিষক্ৰিয়াৰ পৰা শৰীৰক সুৰক্ষা দিয়ে পিঁয়াজে৷ পিঁয়াজ খোৱাৰ ফলত খাদ্য খোৱাৰ ফলত হ’ব পৰা বিষক্ৰিয়া লাঘৱ কৰে৷
কেঁচা পিঁয়াজৰ খোৱাৰ ফলত এলাৰ্জীৰ লেখীয়া ৰোগৰ পৰা উপশম পাব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here