ক’ৰ্বিভেক্সক বুষ্টাৰ ড’জৰূপে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

0
180

বায়’লজিকেল ইৰ ভেক্‌চিন ক’ৰ্বিভেক্সক ক’ভিডৰ বিৰুদ্ধে সম্পূৰ্ণ ভেক্‌চিন লোৱা ১৮ বছৰৰ ওপৰৰ লোকৰ বাবে সতৰ্কতামূলক বা বুষ্টাৰ ড’জৰূপে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে৷ চৰকাৰী বিষয়াই এই কথা জনায়৷ ক’ভিড-১৯ বিৰুদ্ধে ক’ভিশ্বিল্ড বা ক’ভেক্সিনৰ দুয়োপালি ভেক্‌চিন লোৱা প্ৰাপ্তবয়স্কই বুষ্টাৰ বা সতৰ্কতামূলক পালি হিচাপে ক’ৰ্বিভেক্স ল’ব পাৰিব৷ 
ক’ভিড-১৯১ বিৰুদ্ধে প্ৰথমতে লোৱা ভেক্‌চিনতকৈ বেলেগ এটা ভেক্‌চিন বুষ্টাৰ ড’জৰূপে ব্যৱহাৰ দেশত এয়াই প্ৰথম হ’ব৷ শেহতীয়াকৈ টিকাকৰণৰ ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা গোটৰ [এন টি এ জি আই] ক’ভিড-১৯ কাৰ্যকৰী গোটে জনোৱা অনুমোদনৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে৷ ১৮ বছৰৰ ওপৰৰ লোকে ক’ভিশ্বিল্ড বা ক’ভেক্সিনৰ দ্বিতীয় পালি লোৱা দিনৰ পৰা ছমাহ সম্পূৰ্ণ হোৱাৰ পাছত ক’ৰ্বিভেক্স বুষ্টাৰ ড’জ বা সতৰ্কতামূলক পালি ল’ব পাৰিব৷ বৰ্তমান ১২-১৪ বছৰৰ শিশুৰ টিকাকৰণত ক’ৰ্বিভেক্স  ব্যৱহাৰ হৈ আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here