ৰাজ্যৰ ১০টি শিশুক স্বাস্থ্যৱান শিশু বঁটা প্ৰদান

0
259

ৰাজ্য চৰকাৰৰ সংহত শিশু বিকাশ আচনিৰ অধীনত বাক্সা জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত স্বাস্থ্যৱান শিশু বঁটা প্ৰদান কৰা হয়৷ জিলাখনৰ দহটি শিশুক প্ৰদান কৰা এই বঁটা প্ৰদান অনুষ্ঠানত জিলাৰ উপায়ুক্তই সভাপতিত্ব কৰে৷ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ লোৱা বিটিচি মহিলা আৰু শিশু কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে কয় যে এই সংহত শিশু বিকাশ আঁচনিৰ মূল লক্ষ্য হৈছে শিশুৰ পৰিপুষ্টি উন্নতিৰ জৰিয়তে সামাজিক সচেতনতা বৃদ্ধি কৰা আৰু গাঁও অঞ্চলৰ ৰাইজক অনু্‌প্ৰাণিত কৰা৷ 
এই আঁচনিৰ অধীনত শিশুৰ স্বাস্থ্যৰ অৱস্থা উন্নত কৰাৰ বাবে মহিলা আৰু শিশু কল্যাণ বিভাগে ছয় বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলা তথা স্তনপান কৰোৱা মাতৃ আৰু অপুষ্টিত ভোগা শিশুৰ বাবে কাম কৰি আহিছে৷ চলিত বছৰ বাক্সা জিলাৰ গাঁও অঞ্চলৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ জৰিয়তে ১০টি সুস্থ হিচাপে বিবেচনা কৰা হৈছে আৰু এই শিশুকেইটাৰ স্বাস্থ্যৱান শিশু বঁটা প্ৰদান কৰা হৈছে৷ স্বাস্থ্যৱান শিশু বঁটা পাবলৈ সক্ষম হোৱা শিশুকেইটাৰ হ’ল ভাবনা দেৱী, বিকিৰাজ বৰ্মন, সিদ্ধি পাঠক, হিয়ান দাস, তন্ময় বসাক, গীতিস্মান দাস, ৰুচিমণি ৰামচিয়াৰী, হিয়াংশু দত্ত ডেকা, সংগীনা দৈমাৰী, কৃষ বড়ো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here