সুখবৰ ! ৰাজ্যৰ নৱমখন চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ’ব পাঠ্যক্ৰম

0
253

অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয়ত চলিত বৰ্ষৰ পৰাই আৰম্ভ হ’ব চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰম৷ নৱনিৰ্মিত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ পাঠ্যক্ৰম মুকলিৰ বাবে অনুমোদন জনাইছে ৰাষ্ট্ৰীয় আয়ুৰ্বিজ্ঞান আয়োগ চমুকৈ এন এম চি-এ৷ শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক পৰ্যায়ৰ চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অনুমতি দি এন এম চিয়ে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰ লাভ কৰিছে স্বাস্থ্য বিভাগে৷ 
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ মেডিকেল এছেছমেণ্ট এণ্ড ৰেটিং ব’ৰ্ডৰ এটা দলে শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰাৰ পাছতে আয়োগে ৰাজ্যৰ এই নৱতম চিকিৎসা মহাবিদ্যালয়খনলৈ চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে বিধিগত অনুমোদন আগবঢ়ায়৷ এন এম চিৰ এই অনুমোদন লাভ কৰাত আনন্দ প্ৰকাশ কৰি স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যবাসীৰ বাবে এয়া এক গৌৰৱৰ বিষয় বুলি অভিহিত কৰে৷ 
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী মহন্তই কয় যে ৰাজ্যত চিকিৎসা শিক্ষাৰ ক্ষেত্ৰখনৰ পৰিসৰ ক্ৰমশঃ বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দূৰদৰ্শী চিন্তা আৰু সুনিৰ্দিষ্ট পৰিকল্পনাৰে বিশেষ উদ্যোগ লৈ আহিছে৷ পশ্চিম অসমত নিৰ্মিত এই নতুন চিকিৎসা মহাবিদ্যালয়খনত চলিত শৈক্ষিক বৰ্ষৰ পৰাই ১০০খন আসনেৰে এম বি বি এছৰ পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয়৷ ইয়াৰ বাবে ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ তত্ত্বাৱধানত ইতিমধ্যে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে বুলিও মন্ত্ৰীজনে সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here