কৰ’নাৰ প্ৰভাৱ ৩০% শিশুৱে এৰিলে বিদ্যালয়

0
769
ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌ চলি থকাৰ সময়তে তৃতীয়টো ঢৌ অহা দুই-তিনি মাহৰ ভিতৰত আগমন হোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে৷ কৰ’নাৰ সংক্ৰমণৰ বাবে যোৱা বছৰ মাৰ্চৰ পৰাই দেশত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ বন্ধ হৈ আছে৷ ইয়াৰ মাজতে এতিয়া শিশুৱে স্কুল এৰাৰ তথ্য পোহৰলৈ আহিছে৷ সৰ্বভাৰতীয় অভিভাৱক সংস্থাই চলোৱা এটা অধ্যয়নৰ পৰা জানিব পৰা মতে, ভাৰতত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়া প্ৰায় ১৫% ছাত্ৰ-ছাত্ৰীয়ে স্কুল এৰিছে৷ আনহাতে  চৰকাৰী খণ্ডৰ প্ৰায় ৩০% ছাত্ৰ-ছাত্ৰীয়ে হয় স্কুলৰ পৰা নাম কটোৱাইছে অথবা স্কুল এৰিছে৷ সংগঠনটোৰ মুৰব্বী অধিবক্তা অশোক আগৰৱালে কয় যে চৰকাৰী স্কুল এৰাৰ পাছত এতিয়া শিশু শ্ৰমিকৰ সমস্যা অধিক বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে৷ তেওঁৰ মতে, কৰ’নাৰ সংক্ৰমণৰ ফলত স্কুল এৰা নগৰাঞ্চলৰ বৃহৎসংখ্যক ছাত্ৰ-ছাত্ৰী গাঁৱলৈ গৈছে আৰু গাঁৱত ঘৰতে থকা শিশুক এতিয়া শিশু শ্ৰমিকৰূপে ব্যৱহাৰ কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ তেওঁৰ মতে, সঠিক তথ্য উলিয়ালে শিশু শ্ৰমিকৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাব৷ এই শিশুসকল ভৱিষ্যতে স্কুললৈ উভতি যোৱাৰ সম্ভাৱনাও বহুত কম বুলি তেওঁ কয়৷ আগৰৱালে লগতে কয় যে স্কুল এৰা ভালেমান ছাত্ৰ-ছাত্ৰীয়ে এতিয়া ধন উপাৰ্জন কৰিবলৈ লৈছে আৰু এনে অৱস্থাত তেওঁলোকক স্কুললৈ ঘূৰাই অনাটো কঠিন হ’ব৷ ইফালে কৰ’নাৰ সংক্ৰমণৰ কাৰণে মাচুল আদায় কৰিব নোৱাৰাৰ ফলত দেশৰ প্ৰায় ২০% স্কুল বন্ধ হৈ পৰিছে আৰু  ব্যক্তিগত খণ্ডৰ স্কুলসমূহে কমেও ৩০% শিক্ষক তথা শিক্ষয়িত্ৰী হ্ৰাস কৰিছে৷ বাকী ৭০% শিক্ষকে এতিয়া আধা দৰমহাৰে কাম কৰি থাকিবলগীয়া হোৱা বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here